ৰিয়েল লাইফৰ হিৰ’ত পৰিণত অভিনেতা ছনু চুদ৷ মহানুভৱতাৰে পুনৰ জীৱন দান এগৰাকী যুৱকক৷ দুৰ্ঘটনাগ্ৰস্ত এজন যুৱকক কান্ধত তুলি চিকিৎসালয়লৈ নিয়াৰ দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত৷ বুধবাৰে পঞ্জাৱৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত হয় এজন যুৱক৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনৰ নিজেই চিকিৎসাললৈ লৈ যায় অভিনেতাগৰাকীয়ে৷
সেই দৃশ্য ভাইৰেল হোৱাৰ লগে লগে পুনৰ চৰ্চা অভিনেতাগৰাকীক লৈ৷ মহানুভৱতাৰ নিৰ্দশন অভিনেতা ছনু চুদ৷ ত্ৰাণকৰ্তাৰ ৰূপত অভিনেতা ছনু চুদ৷ উল্লেখ্য, কোভিড মহামাৰীৰ সময়ত আৰ্তজনৰ কাষত থিয় দি, আৰ্থিক সাহায্য আগবঢ়াই ছ’চিয়েল মিডিয়া ষ্টাৰলৈ পৰিণত হৈছিল অভিনেতা ছনু চুদ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ