অসম লাইভ২৪ঃ মাত্ৰ ১৬বছৰ বয়সতেই হেৰুৱাইছিল শ্ৰৱণ ক্ষমতা। হিয়াৰিং হেডৰ মাধ্যমেৰেহে শুনা পায় তেওঁ। কিন্তু এই শাৰীৰিক প্ৰতিবন্ধকতাই জানো পিছপেলাই ৰাখিব পাৰিব! অদম্য মানসিক শক্তিৰ ওচৰত শাৰীৰিক প্ৰতিবন্ধকতা হেঙাৰ হ’ব নোৱাৰে। কোনো কচিং নোলোৱাকৈয়ে প্ৰথমবাৰতেই চিভিল চাৰ্ভিছ পৰীক্ষাত উত্তীৰ্ণ হয় সৌম্যা শৰ্মা। প্ৰতি বছৰেই ইউপিএছচিত লাখ লাখ প্ৰাৰ্থীয়েই প্ৰত্যেকবাৰ পৰীক্ষাত বহে। এই পৰীক্ষাত পাছ কৰিলে আইএএছ, আইপিএছৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী আমোলা হ’ব পাৰি।
ইউপিএছিত এক হাজাৰৰো কম চীট থাকে। এই কঠিন পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে কচিঙো লয় বেছিভাগেই। ইমান কঠিন পৰীক্ষাত কচিং অবিহনে কেনেকৈ উত্তীৰ্ণ হ’ল সৌম্যা? মাত্ৰ ৪মাহৰ প্ৰস্তুতি কৰি প্ৰথমবাৰতেই চিভিল চাৰ্ভিছ পৰীক্ষাত তেওঁ সফল হয়। প্ৰতিভাৱান সেই তৰুণীৰ সাফল্যৰ কাহিনীয়ে অনুপ্ৰাণিত কৰিব আপোনাকো।
২০১৮ চনত ইউপিএছচি পৰীক্ষাত সৰ্বভাৰতীয় স্তৰত নৱম ৰেংক পাইছিল সৌম্যাই। বহু পৰীক্ষাৰ্থীয়েই কচিং লৈয়ো এই পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে তেনেক্ষেত্ৰত কচিং অবিহনে কেনেকৈ সৌম্যাই এই সফলতা অৰ্জন কৰিলে? ইফালে সৌম্যা শাৰীৰিকভাৱেও আন দহোগৰাকী লোকৰ দৰে নহয়। সৌম্যাই এই সন্দৰ্ভত কয় যে তেওঁ মাত্ৰ ৪ মাহ পঢ়িয়েই এই পৰীক্ষাত উত্তীৰ্ণ হৈছে।
সৌম্যাৰ এই সফলতাৰ আঁৰত হৈছে তেওঁ ১৬ বছৰ বয়সত হেৰুৱাই পেলোৱা শ্ৰৱণ ক্ষমতা। কম বয়সতে শাৰীৰিক প্ৰতিবন্ধকতাৰ সন্মুখীন হোৱা সৌম্যই কিন্তু কোনো বিশেষভাৱে সক্ষম কোটাৰ সুবিধা গ্ৰহণ কৰা নাই। কিন্তু তেওঁ সংশ্লিষ্ট বিভাগত আৱেদন নকৰি অন্য দহোগৰাকীৰ সমানেই নিজক আগুৱাই নিছে। সৰুৰে পৰাই পঢ়াশুনাত অত্যন্ত মেধাসম্পন্ন আছিল সৌম্য। স্কুলীয়া শিক্ষা সমাপ্ত কৰি নেশ্ব্যনেল ল কলেজত আইনৰ ডিগ্ৰী গ্ৰহণ কৰে সৌম্যই। ২০১৭ চনত সৌম্যই ইউপিএছচি পৰীক্ষা দিয়াৰ সিদ্ধান্ত লয়। কিন্তু তেওঁ সিদ্ধান্ত লোৱাৰ মাত্ৰ ৪মাহ পাছতেই যিহেতু পৰীক্ষা সেয়ে পঢ়িবলৈ বিশেষ সময়ো নাপালে সৌম্যই। নিজেই ঘৰতেই পঢ়াশুনা চলাই পৰীক্ষাত বহে সৌম্য। প্ৰথম চেষ্টাতেই তেওঁ সফলো হয়। মাত্ৰ ২৩বছৰ বয়সতেই তেওঁ চিভিল চাৰ্ভিছ পৰীক্ষাত সফলতা লাভ কৰে।
বৰ্তমান সৌম্য নাগপুৰ জিলা পৰিষদৰ চিইঅ হিচাপে কৰ্মৰত। তেওঁ আইপিএছ অফিচাৰ অৰ্চিত চন্দকক শেহতীয়াভাৱে বিয়া কৰাইছে। আইআইটিত স্নাতক সৌম্যৰ স্বামীও বৰ্তমান নাগপুৰতেই কৰ্মৰত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ