আজি পুৱাৰ কঁপি উঠিল ইণ্ডোনেছিয়া। এইবাৰ দেশৰ দক্ষিণ-পশ্চিম উপকূলত টুয়াল কঁপাইছিল ৬.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পই। ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভেৰ তথ্য অনুসৰি টুয়ালৰ পৰা ১৪৮ কিলোমিটাৰ দূৰত্বত এই কম্পন অনুভৱ কৰা হৈছে। পৃথিৱীৰ ভিতৰত ৬৮ কিলোমিটাৰ গভীৰত ভূমিকম্পৰ কেন্দ্ৰবিন্দু। সৌভাগ্যক্ৰমে এতিয়ালৈকে কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই।
কেইবাটাও প্ৰতিবেদনত দেশৰ বাণ্ডা সাগৰত হোৱা ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৮। পূব ইণ্ডোনেছিয়াৰ বহু অঞ্চলত কম্পন অনুভৱ কৰা হৈছিল। ভূমিকম্পই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছিল। কিন্তু এই সময়ত চুনামীৰ কোনো ভাবুকিৰ খবৰ পোৱা নাই সেয়া সকাহৰ কথা। ইণ্ডোনেছিয়াৰ বতৰ বিজ্ঞান আৰু জলবায়ু বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি আজি পুৱা স্থানীয় সময় অনুসৰি পুৱা ৪:১১ বজাত সংঘটিত হয় এই ভূমিকম্প। ইয়াৰ মাত্ৰা প্ৰথমে ৭.১ বুলি কোৱা হৈছিল যদিও পিছলৈ ইয়াক ৬.৮ লৈ হ্ৰাস কৰা হয়।
ভূমিকম্প আৰু চুনামী সংস্থাই জনোৱা মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু সাগৰত, যিটো দক্ষিণ-পূব মালুকুৰ পৰা প্ৰায় ১৩২ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত। ভূমিকম্পৰ গভীৰতা সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৯৭ কিলোমিটাৰ তলত ৰেকৰ্ড কৰা হৈছে। তেওঁলোকে উল্লেখ কৰে যে ভূমিকম্পৰ পিছত কৰা বৈজ্ঞানিক মূল্যায়নত চুনামীৰ ভাবুকিৰ ইংগিত পোৱা নাই। পুৱা ৪:২৫ বজালৈকে সংস্থাটোৱে কোনো নতুন আফটাৰশ্বকৰ খবৰ পোৱা নাছিল। অৱশ্যে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ অব্যাহত আছে।
বহু চহৰত কম্পন অনুভৱ কৰা হৈছিল
সমগ্ৰ ইণ্ডোনেছিয়াৰ কেইবাখনো চহৰত অনুভূত হয় এই ভূমিকম্প। সৌমলাকি, টুয়াল, ছ’ৰং, আৰু মনোকৱাৰীৰ লোকসকলে কঁপনি অনুভৱ কৰা বুলি জনাইছে। স্থানীয় ৰাইজে এই কম্পনক এনেদৰে বৰ্ণনা কৰিছে যেন এখন গধুৰ ট্ৰাক পথৰ মাজেৰে পাৰ হৈ গৈছে। নবিৰেত মৃদু কঁপনি অনুভৱ কৰা হয়। ঘটনাৰ পিছতে বিএমকেজিয়ে জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আৰু উৰাবাতৰিক আওকাণ কৰিবলৈ আহ্বান জনায়। অৱশ্যে ফাট বা ক্ষতি হোৱা অট্টালিকা এৰাই চলিব লাগে বুলি নিশ্চিত কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















