বহু সংখ্যক লোকৰে প্ৰিয় চয়াবিন এবিধ পুষ্টিকৰ খাদ্য, যি স্বাস্থ্যৰ বাবে অতি উপকাৰী। নিৰামিষভোজিসকলৰ বাবে অতিকৈ প্ৰিয় এই খাদ্য। চয়াবিনত (Soybean) প্ৰ’টিন, আঁহ, ভিটামিন আৰু বিভিন্ন খনিজ পদাৰ্থেৰে সমৃদ্ধ এক পুষ্টিকৰ খাদ্য। নিৰামিষভোজীসকলৰ বাবে ই প্ৰ’টিনৰ এক উৎকৃষ্ট উৎস হিচাপে পৰিচিত। কিন্তু যিকোনো খাদ্যৰ দৰেই চয়াবিনো পৰিমিত পৰিমাণে খোৱাটো জৰুৰী। অত্যধিক খালে কিছুমান ক্ষেত্ৰত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
চয়াবিনত আইছ’ফ্লেভন আৰু লেচিথিন থাকে। দুয়োটা উপাদানেই শক্তিশালী এন্টিঅক্সিডেন্ট। এইবোৰে কম ঘনত্বৰ কলেষ্টেৰলৰ মাত্ৰা স্বাভাৱিক কৰি ৰখাত সহায় কৰে। কম ঘনত্বৰ কলেষ্টেৰলে ধমনীত কলেষ্টেৰল জমা কৰি তেজৰ সোঁত লেহেমীয়া কৰে। চয়াবিনত থকা এন্টিঅক্সিডেন্টে এই সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।
হজমৰ সমস্যা
চয়াবিনত অলিগ’চেকাৰাইড নামৰ একধৰণৰ কাৰ্ব’হাইড্ৰেট থাকে, যি কিছুমান লোকৰ বাবে সহজে হজম নহয়। ফলত পেট ফুলি থকা, গেছ, অজীৰ্ণ বা পেটত অস্বস্তিৰ দৰে সমস্যা দেখা দিব পাৰে।
এলাৰ্জিৰ সম্ভাৱনা
চয়াবিন বিশ্বজুৰি অন্যতম সাধাৰণ খাদ্য এলাৰ্জিৰ উৎস। কিছুমান ব্যক্তিৰ ক্ষেত্ৰত চয়াবিন খোৱাৰ পিছত ছালত খজুৱতি, ৰঙা দাগ, ওঁঠ বা মুখ ফুলা, শ্বাস-প্ৰশ্বাসৰ অসুবিধা আদি লক্ষণ দেখা দিব পাৰে। এনে অৱস্থাত তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
থাইৰয়ডৰ সমস্যাত সাৱধানতা
চয়াবিনত থকা কিছুমান প্ৰাকৃতিক যৌগে থাইৰয়ড হৰম’নৰ স্বাভাৱিক কাৰ্যত প্ৰভাৱ পেলাব পাৰে, বিশেষকৈ যিসকলৰ আগৰে পৰা থাইৰয়ডৰ সমস্যা আছে। যদিও সাধাৰণ পৰিমাণে চয়াবিন খোৱাটো অধিকাংশ মানুহৰ বাবে নিৰাপদ, তথাপিও থাইৰয়ডৰ ঔষধ খোৱা ব্যক্তিয়ে চিকিৎসকৰ পৰামৰ্শমতে চয়াবিন সেৱন কৰা উচিত।
কিডনীত পাথৰ হোৱাৰ আশংকা
চয়াবিনত অক্সালেট থাকে। যিসকলৰ কিডনীত পাথৰ হোৱাৰ ইতিহাস আছে, তেওঁলোকে অধিক পৰিমাণে চয়াবিন বা চয়াবিনজাত খাদ্য খোৱাৰ আগতে চিকিৎসক বা পুষ্টিবিদৰ পৰামৰ্শ লোৱা উচিত।
অত্যধিক খালে ক্ষতি
চয়াবিন পুষ্টিকৰ হ’লেও প্ৰতিদিনে অত্যধিক পৰিমাণে খোৱাটো উচিত নহয়। একে খাদ্যৰ ওপৰত নিৰ্ভৰ নকৰি সুষম খাদ্যাভ্যাস বজাই ৰাখিলেহে শৰীৰে সকলো প্ৰয়োজনীয় পুষ্টি লাভ কৰে।
কোনে সাৱধান হ’ব?
- চয়াবিনত পৰ্যাপ্ত পয়’টোএষ্ট্ৰোজেন থাকে, যি পুৰুষৰ যৌন হৰম’নক প্ৰভাৱিত কৰিব পাৰে।
- চয়াবিনত এলাৰ্জি থকা ব্যক্তি।
- থাইৰয়ডৰ সমস্যাত ভুগি থকা লোক।
- কিডনীত পাথৰ হোৱাৰ ইতিহাস থকা ব্যক্তি।
- নিয়মীয়াকৈ থাইৰয়ড বা আন কিছুমান বিশেষ ঔষধ সেৱন কৰা লোক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















