মহাকাশত বিকল হৈ যোৱা বোয়িং ষ্টাৰলাইনাৰ যানখনৰ পৰা ভাঁহি আহিছে ৰহস্যময় শব্দ৷ আন্তৰ্জাতিক স্পেছ ষ্টেচনত আৱদ্ধ হৈ পৰা সুনীতা উইলিয়ামছ আৰু সংগী উইলমোৰে সেই শব্দ শুনা পায়৷ লগে লগেই নাছাক বিষয়টো সম্পৰ্কে অৱগত কৰে মহাকাশচাৰী দুজনে৷ আগন্তুক ৬ ছেপ্টেম্বৰত সুনীতা আৰু উইলমোক পৃথিৱীলৈ ঘূৰাই অনাৰ কথা আছে এই মহাকাশযানখনৰ৷
হাতত আৰু বেছিদিন নাই৷ তাৰমাজতেই এই অদ্ভুত শব্দই নতুনকৈ জটিলতাৰ সৃষ্টি কৰিছে৷ চিন্তাত পৰিছে এই প্ৰজেক্টৰ সৈতে জড়িত নাছাৰ বিজ্ঞানীসকল৷ প্ৰকাশিত খবৰ অনুসৰি ৰহস্যময় শব্দ শুনাৰ পাছৰে পৰা উদ্বিগ্ন উইলমোয়ে নাছাৰ হাউষ্টচন মিছন কণ্ট্ললৈ বাৰ্তা পঠিয়াইছে৷ উল্লেখ্য যে বোয়িং ষ্টাৰলাইন মহাকাশযানখনৰ পৰা কিছু মুহূৰ্তৰ পাছে পাছেই এই অদ্ভুত শব্দ ভাঁহি আহে৷ এই শব্দ এনে লাগে যেন যানখনৰ বাহিৰত অন্য কোনো যানে আহি খুন্দা মাৰিছে৷
এই শব্দটো ছাবমেৰিণৰ শব্দৰ দৰে শুনিবলৈ বুলি জনাইছে উইলমোয়ে৷ ষ্টাৰলাইনৰ ভিতৰত থকা স্পিকাৰৰ সৈতে এটা মাইক্ৰফোন সংযোগ কৰিছে উইলমোৱে৷ অদ্ভুত শব্দটো নাছাৰ কণ্ট্ৰল ৰুমত শুনোৱাৰ বাবেও বিশেষ ব্যৱস্থা কৰিছে মাৰ্কিম মহাকাশচাৰীজনে৷
নাছাৰ তৰফৰ পৰা এই শব্দটো নিশ্চিত কৰা হৈছে৷ শব্দটো হাৰ্টবিটৰ দৰেও বুলি বাখ্যা কৰিছে নাছাই৷ নাছাৰ বিজ্ঞানীসকলে এই শব্দক লৈ এতিয়া চিন্তাত পৰিছে৷ কিবাপ্ৰকাৰে ইলেক্ট্ৰ মেগনেটিক অডিঅ’ চিষ্টেমৰ কাৰণেও এই শব্দ হ’ব পাৰে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷
ৰহস্যময় এই শব্দ ৰেকৰ্ড কৰিছে নাছাই৷ এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে নাছাই৷ বিশেষ ভিডিঅ’টো নেটদুনীয়াত ভাইৰেল হৈ পৰিছে৷ সুনীতাহঁত পৃথিৱীলৈ কেনেকৈ আহিব সেই আশংকা আৰু বাঢ়ি গৈছে৷ আমেৰিকাৰ মিলিটাৰি স্পেছ চিষ্টেমছৰ প্ৰাক্তন কমাণ্ডাৰ ৰুডি ৰিডল্ফিয়েও বিষয়টোক লৈ মুখ খুলিছে৷ তেওঁ কয়, ‘পৃথিৱীৰ বায়ুমণ্ডলত ঢাক্কা খাই জ্বলি যাব পাৰে বোয়িং ষ্টাৰলাইনাৰ মহাকাশযানখন৷ চিধাকৈ মহাকাশযানখনে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিবলৈ গ’লে বিপৰ্যয় নামিব পাৰে৷ যাৰবাবে কোনোধৰণৰ ৰিস্ক ল’বলৈ ৰাজি নহয় নাছা৷ সাৱধান হৈয়েই আগবাঢ়িছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ