অসম লাইভ২৪ঃ ১৭ জুলাইৰ পৰা আৰম্ভ হ’ব শুভযোগ৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি বুধ আৰু শুক্ৰৰ যুঁটিৰ ফলত এই যোগ আৰম্ভ হ’ব৷ ৮ জুলাইত কৰ্কট ৰাশিত বুধৰ প্ৰৱেশ ঘটিব৷ ১৭ জুলাইত এই ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ জ্যোতিষ শাস্ত্ৰই বুধক বুদ্ধি আৰু বাণীৰ কাৰক গ্ৰহ বুলি কয়৷ আনহাতে সূৰ্যক মান-সন্মান, প্ৰতিষ্ঠা আৰু আত্মবিশ্বাসৰ কাৰক গ্ৰহ হিচাপে চিহ্নিত কৰা হয়৷ এই দুই গ্ৰহৰ যুঁটিৰ ফলত ব্যক্তিৰ জীৱনত শুভ প্ৰভাৱ বিস্তাৰ কৰে৷ ১৭ জুলাইৰ পৰা তৈয়াৰ হোৱা এই বুধাদিত্য যোগৰ প্ৰভাৱে ৩ৰাশিৰ লাভৰ পৰিমাণ বাঢ়িব৷ কোন কোন ৰাশিৰ লোক এই তালিকাত আছে?
কৰ্কট ৰাশি
এই ৰাশিতেই বুধাদিত্য যোগ তৈয়াৰ হ’ব৷ এই সময়ত বুধাদিত্য যোগৰ ওপৰিও বিপৰীত ৰাজযোগৰ প্ৰভাৱ থাকিব৷ যিয়ে কৰ্কট জাতকসকলৰ লাভৰ কাৰণ হৈ পৰিব৷ ব্যৱসায়ীসকলৰ বিদেশৰ পৰা লাভ উপাৰ্জনৰ বাট মুকলি হ’ব৷ বেংকিং, আমদানী-ৰপ্তানীৰ সৈতে জড়িত জাতকসকলে বিশেষ ফল লাভ কৰিব৷ সূৰ্যৰ শুভ প্রভাৱে আপুনি কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব৷ মান সন্মান লাভ কৰিব৷
বৃশ্চিক ৰাশি
এই ৰাশিৰ নৱম ভাগ্য স্থানৰ যুঁতি তৈয়াৰ হ’ব৷ বুধাদিত্য আৰু বিপৰীত ৰাজযোগ তৈয়াৰ হ’ব৷ যাৰফলত সূৰ্যৰ প্ৰভাৱ বৃদ্ধি পাব৷ স্বাস্থ্যোন্নতি হোৱাৰ ফলত পুৰণি ৰোগৰ পৰা মুক্তি পাব৷ কেৱল এয়াই নহয়৷ আকস্মিক ধন লাভৰ যোগ৷ এই ৰাশিৰ জাতকসকলে চাকৰি আৰু ব্যৱসায়ৰ সৈতে যুক্ত থাকিলে ধন অহাৰ সম্ভাৱনা আছে৷
গৱেষণা বা অনুসন্ধানৰ কামত জড়িত হৈ থকা ব্যক্তিসকলো লাভৱান হ’ব৷
মকৰ ৰাশি
জ্যোতিষ গণনা অনুযায়ী মকৰ ৰাশিৰ সপ্তম কক্ষত এই যোগ তৈয়াৰ হৈছে৷ এই ৰাজযোগৰ শুভ ফল লাভ কৰিব মকৰ ৰাশিৰ জাতকসকলে৷ আইন আদালতৰ বিষয়ত পৰাক্ৰম বৃদ্ধি হ’ব৷ পুৰণা ঋণ পৰিশোধ কৰাত সফল হ’ব৷ শত্ৰুক অনায়াসে বলাব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ