বৈদিক শাস্ত্ৰমতে প্ৰত্যেক মাহতেই একাধিক গ্ৰহৰ অৱস্থান পৰিবৰ্তন হৈ থাকে। যিয়ে ১২ ৰাশিৰ জীৱনত শুভ আৰু অশুভ প্ৰভাৱ পেলায়। আগষ্ট মাহত একাধিকবাৰ সূৰ্যৰ অৱস্থান পৰিবৰ্তন হৈ ৪ৰাশিৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আহিব। জ্যোতিষশাস্ত্ৰত সূৰ্যৰ গুৰুত্ব অপৰিসীম। সৌৰজগতৰ ৰজা সূৰ্যই স্থান পৰিবৰ্তন কৰিলে তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ ওপৰত পৰে। ৯টা গ্ৰহৰ মাজত সূৰ্যদেৱে বছৰত ১২ বাৰ ৰাশি পৰিবৰ্তন কৰে। প্ৰতিটো ৰাশিত মোটামুটি এমাহ অৱস্থান কৰে সূৰ্যই। সেই হিচাপত ১২ ৰাশি চক্ৰক এবাৰ প্ৰদক্ষিণ কৰিবলৈ সূৰ্যৰ সময় লাগে ১২ মাহ। আকৌ নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নক্ষত্ৰও পৰিবৰ্তন কৰে সূৰ্যই।
আগষ্ট মাহত তিনিবাৰ অৱস্থান পৰিবৰ্তন কৰিব সূৰ্যদেৱে। দেওবাৰে ৩ আগষ্টত সূৰ্যই অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব। ইয়াৰপাছতেই ৩০ আগষ্টত পূৰ্ব ফাল্গুনী নক্ষত্ৰত গোচৰ কৰিব সূৰ্যদেৱে। ইয়াৰ মাজতেই আগন্তুক ১৭ আগষ্টত সূৰ্যই সিংহ ৰাশিত গমন কৰিব। গ্ৰহৰাজৰ এই গোচৰ ৪টা ৰাশিৰ বাবে শুভ হব। অৰ্থ সাফল্যৰে ভৰিব সেইসমূহ ৰাশিৰ জীৱন। আপুনিও সেই তালিকাত আছেনে!
কৰ্কট ৰাশি
সূৰ্যৰ প্ৰভাৱত কৰ্কট ৰাশিৰ সুদিন উভতি আহিব। আৰ্থিক পৰিস্থিতিৰ উন্নতি হব। কেৰিয়াৰত উন্নতিৰ নতুন সুযোগ পাব। যিকোনো কামেই আত্মবিশ্বাসৰ সৈতে কৰিলে সাফল্য পাব। প্ৰেমজীৱনত সুখ থাকিব। বিনিয়োগৰ ধন বহুগুণ হৈ হাতলৈ উভতি আহিব। ব্যৱসায়ত লাভৰ মুখ দেখিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক মজবুত হব।
তুলা ৰাশি
সূৰ্যৰ আশীৰ্বাদত তুলা ৰাশিৰ ভাগ্যৰ চকা ঘূৰিব। আৰ্থিক সমস্যা দূৰ হব। যিকোনো কামতেই উন্নতিৰ পথ প্ৰশস্ত হব। কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব পাৰে। দৰমহা বঢ়াৰ সম্ভাৱনা আছে। সহকৰ্মীসকলে কামত সহযোগিতা কৰিব। ব্যৱসায়ত ডাঙৰ চুক্তি কৰিব পাৰে। পত্নীৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা বাস্তবায়িত হব। কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে বিজয়ী হব পাৰে।
বৃশ্চিক ৰাশি
সূৰ্যৰ অৱস্থান পৰিবৰ্তনে বৃশ্চিক ৰাশিৰ জাতক জাতিকালৈ শুভ ফল কঢ়িয়াই আনিব। নতুন কামৰ সুযোগ আহিব পাৰে। সকলো বাধা দূৰ হৈ খুলিব অৰ্থভাগ্য। বহু দিন ধৰি কোনো ধন পাবলগীয়া থাকিলে এই সময়ত লাভ কৰিব। লটাৰীৰ টিকট কাটিলে ভাল লাভ পাব পাৰে। আয়ৰ নতুন উৎস বিচাৰি পাব। সংসাৰত সুখৰ পৰিবেশ থাকিব। স্বামী স্ত্ৰীৰ বিবাদ কমিব। সংগীৰ সৈতে সম্পৰ্ক মধুৰ হব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















