বৃষ ৰাশিত তৈয়াৰ হ’ব চতুৰ্গ্ৰহী যোগ৷ জ্যোতিষ গণনা অনুসৰি মে মাহৰ শেষৰ ফালে অৰ্থাৎ ৩১ মেত গ্ৰহৰ যুৱৰাজ বুধে বৃষ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াত পূৰ্বৰে পৰাই অৱস্থান কৰি আছে বৃহস্পতিয়ে৷ বৃষ ৰাশিত এই চাৰি গ্ৰহ অৰ্থাৎ বুধ, সূৰ্য, শুক্ৰ আৰু বৃহস্পতি মিলি চতুৰ্গ্ৰহী যোগ তৈয়াৰ কৰিব৷ গণনা অনুসৰি বৃষ ৰাশিত ১০০ বছৰ পাছত এই যোগ তৈয়াৰ হ’ব৷ ফলত কেইবাটাও ৰাশিত জাতকৰ ভাগ্যোদয় হ’ব৷ অৰ্থ-সম্পদ বৃদ্ধিৰ প্ৰৱল যোগ আছে এই সময়ত৷ বৃষ ৰাশিত সৃষ্ট চতুৰ্গ্ৰহী যোগ কিছু ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ৷
মেষ ৰাশি
চতুৰ্গ্ৰহী যোগ মেষ ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব৷ কাৰণ এই যোগে আপোনাৰ ৰাশিৰ ধন আৰু বাণীৰ স্থানত তৈয়াৰ হ’ব এই যোগ৷ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আকস্মিক ধন লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ সমাজত মান-সন্মান লাভ কৰিব৷ এই সময়ত ৰৈ থকা অৰ্থ লাভ কৰিব৷ পৰিকল্পনাত সফল হ’ব৷ আৰ্থিক পৰিস্থিতি উন্নত হ’ব এই সময়ত৷
বৃষ ৰাশি
চতুৰ্গ্ৰহী যোগ বৃষ ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব৷ আপোনাৰ ৰাশিৰ লগ্ন স্থানত এই যোগ তৈয়াৰ হ’ব৷ এই সময়ত ব্যক্তিত্ব উন্নত হ’ব বৃষ ৰাশিৰ জাতকৰ৷ ইয়াৰোপৰি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ চাকৰিয়াল জাতকে এই সময়ত বৃহৎ সাফল্য লাভ কৰিব পাৰিব৷ এই সময়ত একাধিক অসাধাৰণ সুযোগ পাব বৃষ ৰাশিৰ জাতকে৷ বিবাহিত জাতকৰ দাম্পত্য জীৱন শুভ৷ অবিবাহিত জাতকে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ বাবে এই গোচৰ অত্যন্ত শুভ ফলদায়ী৷ আপোনাৰ আয়ৰ স্থানত এই শুভ যোগ তৈয়াৰ হ’ব৷ আয় বাঢ়িব পাৰে৷ ইয়াৰোপৰি আয়ৰ নতুন উৎস পাব এই ৰাশিৰ জাতকে৷ চাকৰিয়াল জাতকৰ পদোন্নতিৰ যোগ আছে৷ কৰ্মক্ষেত্ৰত বৃহৎ পদ লাভ কৰিব পাৰে৷ ব্যৱসায়ীসকলে এই সময়ত ভাল ধন লাভ কৰিব পাৰিব৷ লগ্নিৰ দ্বাৰা লাভাম্বিত হোৱাৰ যোগ আছে৷ এই ৰাশিৰ যি জাতকৰ শ্বেয়াৰ বজাৰ, বেটিং, লটাৰীত মন আছে তেওঁলোকৰ বাবেও এই সময় অত্যন্ত শুভ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ