সৌৰজগতৰ ৰজা সূৰ্যই যেতিয়া এটা ৰাশি এৰি অন্য ৰাশিত প্ৰৱেশ কৰে তেতিয়াই বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত তাৰ উল্লেখযোগ্য প্ৰভাৱ পৰে৷ সূৰ্যই এটা এটা ৰাশিত মুটামুটি এমাহ ধৰি অৱস্থান কৰে৷ বৰ্তমান সূৰ্য আছে মিথুন ৰাশিত৷ আগন্তুক ১৬ জুলাই বিয়লি ৫ বাজি ১৭ মিনিটত সূৰ্যই মিথুন এৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ৷ সূৰ্য আৰু চন্দ্ৰ পৰস্পৰৰ বন্ধু হোৱাত কৰ্কট ৰাশিত সূৰ্যৰ প্ৰভাৱ শুভ হব কেইটামান ৰাশিৰ জাতকৰ জীৱনত৷ জানি থওক সূৰ্যই কৰ্কট ৰাশিলৈ আহিলে কাৰ কাৰ ভাগ্যোন্নতি হ’ব?
কৰ্কট ৰাশি
কৰ্কট ৰাশিতেই এইবাৰ সূৰ্যৰ গোচৰ ঘটিব৷ সূৰ্যৰ প্ৰভাৱত সেয়ে জীৱনত চকুত লগা উন্নতি হ’ব কৰ্কট ৰাশিৰ জাতকৰ৷ আৰ্থিকভাৱেও বৃহৎ উন্নতি কৰিব পাৰে৷ নানান দিশৰ পৰা অৰ্থ লাভ কৰাৰ যোগ আছে৷ চাকৰিজীৱীয়ে উন্নতি কৰাৰ সুযোগ পাব৷ এই সকলো সুযোগ আপুনি উপেক্ষা নকৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















