অসম লাইভ ২৪ঃ ইণ্টাৰনেটৰ মুক্ত ব্যৱহাৰত আঘাট হানিছে কেন্দ্ৰই। বিশ্বৰ বিভিন্ন দেশৰ তথ্য সৰবৰাহৰ ক্ষেত্ৰত কেন্দ্ৰই বাধা আৰোপ কৰিছে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহক। সোমবাৰে ব্ৰিটিছ সংবাদ মাধ্যমত ইণ্টাৰনেটৰ এটি গুৰুত্বপূৰ্ণ আলোচনাত অংশ লৈ এই মন্তব্য কৰে গুগলৰ মুৰব্বী সুন্দৰ পিচ্চায়ে। কেন্দ্ৰৰ নতুন IT নিয়মক লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে বৰ্তমানেও সংঘাত অব্যাহত আছে টুইটাৰসহ একাধিক ছ’চিয়েল মিডিয়া সংস্থাৰ। গনতান্ত্ৰিক ঐতিহ্য আৰু মূল্যবোধক সমুখত ৰাখি প্ৰত্যেক দেশেই ইয়াৰ বিৰুধিতা কৰা উচিত বুলি উল্লেখ কৰে সুন্দৰ পিচ্চায়ে। ছ’চিয়েল মিডিয়াত প্ৰকাশিত বিষয়বস্তু ওপৰত নজৰ ৰখাৰ উদ্দেশ্যে পূৰ্বৰ IT নিয়মৰ কিছু সংশোধন ঘটাই নতুন নিয়ম প্ৰণয়ন কৰে। OTT প্লেটফৰ্ম আৰু টিভি চেনেলকো নতুন IT নিয়মৰ আঁওতালৈ আনে কেন্দ্ৰই। কেন্দ্ৰৰ এই পদক্ষেপ সংবিধানত উল্লেখিত বাক স্বাধীনতাৰ পৰিপন্থী বুলি মন্তব্য কৰে টুইটাৰ কৰ্তৃপক্ষই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ