অসম লাইভ ২৪ঃ ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে বিখ্যাত চিপকো আন্দোলনৰ নেতা সুন্দৰলাল বহুগুণাই। ৯৪ বছৰ বয়সত হৃষিকেশৰ এইমচত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট পৰিবেশবিদগৰাকীয়ে। ৮ মে’ত ক’ৰোনা সংক্ৰমিত হোৱাৰ পাছত এইমচত চিকিৎসাধীন হৈ আছিল সুন্দৰলাল বহুগুণা। শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে ‘হিমালয়ৰ ৰক্ষক’ সুন্দৰলাল বহুগুণাই। ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত চিপকো আন্দোলনৰ প্ৰধান নেতা আছিল সুন্দৰলাল বহুগুণা। তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ