ক’ত আৰু কেনেকৈ মহাকাশৰ পৰা পৃথিৱীত অৱতৰণ কৰিব সুনীতা আৰু সতীৰ্থ
মহাকাশত ৯ মাহ থকাৰ পাছত সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ পৃথিৱীলৈ ঘূৰি অহাৰ তাৰিখ চূড়ান্ত কৰা হৈছে। নাছাই জানিব দিয়া অনুসৰি, যদি সকলো ঠিকে থাকে তেন্তে বুধবাৰে ভাৰতীৰ সময় অনুসৰি পুৱা ৩:২৭ বজাত মহাকাশচাৰী যুটি পৃথিৱীলৈ উভতি আহিব। আমেৰিকাৰ ফ্ল’ৰিডাৰ উপকূলত বিশেষ ‘স্প্লেছডাউন’ পদ্ধতিৰে অৱতৰণ কৰা হ’ব।
ইতিমধ্যে ইলন মাস্কৰ স্পেচএক্স ড্ৰেগন কেপচুলে আন চাৰিজন মহাকাশচাৰীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ দুৱাৰমুখত উপস্থিত হৈ দুজন আমেৰিকান মহাকাশচাৰীক ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই বাহনখনত সুনিতা আৰু বুচ উভতি আহিছে।
বয়িং ষ্টাৰলাইনাৰ মহাকাশযানখনৰ যান্ত্ৰিক বিজুতিৰ বাবে ৮ দিনীয়া মহাকাশ ভ্ৰমণৰ অন্তত ৯ মাহৰ বাবে আবদ্ধ হৈ আছিল সুনীতা আৰু সতীৰ্থ। দুয়োকে পৃথিৱীলৈ ঘূৰাই অনাৰ একাধিক প্ৰচেষ্টা চলোৱাৰ পিছতো বাৰে বাৰে ব্যৰ্থ হৈছিল নাছা।
কিন্তু এইবাৰ আমেৰিকাৰ ট্ৰাম্প চৰকাৰ আৰু ইলন মাস্কৰ স্পেচ এক্সে সুনীতা-বুচক ঘূৰাই আনিবলৈ বদ্ধপৰিকৰ। ঘূৰি অহাৰ নিৰ্দিষ্ট সময়ো ঘোষণা কৰা হৈছে। ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা আৰু তেওঁৰ সংগী বুচে পৃথিৱীত ভৰি দিয়াৰ মুহূৰ্তলৈ সমগ্ৰ বিশ্ববাসী আগ্ৰহেৰে অপেক্ষা কৰি আছে।
জানিব পৰা মতে, সুনীতাই প্ৰথমে ফ্ল’ৰিডাৰ উপকূলৰ মেক্সিকো উপসাগৰত ভৰি দিব। নাছাই এক বিবৃতিত কয় যে দুয়োজন মহাকাশচাৰীয়ে সাগৰৰ পাৰত ‘অ’চেন স্প্লেছডাউন’ৰ সন্মুখীন হ’ব। কিন্তু কি এই পদ্ধতি!
যেতিয়া কোনো মহাকাশযান বা কেপচুলে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি পেৰাচুটেৰে সাগৰ বা বহল পানীৰ পৰিসৰত নিৰাপদে অৱতৰণ কৰে তেতিয়া ইয়াক স্প্লেচডাউন বোলা হয়। সাধাৰণতে মহাকাশযান পৃথিৱীত পুনৰ প্ৰৱেশৰ সময়ত এই স্প্লেচডাউন পদ্ধতি ব্যৱহাৰ কৰা হয়। এই পদ্ধতিৰ জৰিয়তে পেৰাচুটৰ সহায়ত কেপচুলটো সাগৰত অৱতৰণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ