অসম লাইভ২৪ঃ বিবাহ বিচ্ছেদৰ বাবে আৰু ছমাহ সময় অপেক্ষা কৰিব নালাগে স্বামী-স্ত্ৰীয়ে! সংবিধানৰ ১৪২ নম্বৰ ধাৰা প্ৰয়োগ কৰি ৬ মাহৰ বাধ্যতামূলক ৱেইটিং পিৰিয়ড নোহোৱাকৈ বিবাহ বিচ্ছেদ সম্ভৱ হোৱাৰ দিশেৰে। কিন্তু এই বিচ্ছেদ পাৰস্পৰিক বুজাপৰাৰ মাজেৰে হ’ব লাগিব। উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠৰ বিবাহ বিচ্ছেদ সম্পৰ্কীয় বিষয়ক এক ৰায়দান দিছে। হিন্দু বিবাহ আইনৰ ১৩বি ধাৰা অনুসৰি পাৰস্পৰিক সন্মতিত বিবাহবিচ্ছেদ কৰিবলৈ হ’লে ছমাহ অপেক্ষা কৰিব নালাগে!
উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বেঞ্চৰ বিচাৰপতি সঞ্জয় কিষাণ কউল, বিচাৰপতি সঞ্জীৱ খান্না, বিচাৰপতি অভয় ওকা, বিচাৰপতি বিক্ৰম নাথ আৰু বিচাৰপতি জেকে মহেশ্বৰীয়ে এক গোচৰৰ শুনানিত এই সময়সীমাক লৈ ৰায়দান দিছে। শুনানিত বিচাৰপীঠে কয়, ‘যিসমূহ বিবাহ বিচ্ছেদৰ গোচৰত কোনোধৰণৰ মীমাংসাৰ অৱকাশ নাই সেইসমূহ বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতহে এয়া প্ৰযোজ্য হ’ব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ