তিনি মাহত এবাৰকৈ তিনিবাৰ তালাক শব্দটো উচ্চাৰণ কৰিলেই বিবাহবিচ্ছেদ৷ মুছলমান সমাজত ইয়াক কোৱা হয় তালাক ই হাছান৷ এই ৰীতিৰ তীব্ৰ নিন্দা কৰিছে এইবাৰ ছুপ্ৰিম কৰ্টে৷ বুধবাৰে ছুপ্ৰিম কোৰ্টে তালাক ই হাছানৰ সামাজিক প্ৰভাৱক লৈ প্ৰশ্ন তুলিছে৷ এই আধুনিক সমাজত কেনেকৈ এই প্ৰথা চলিব পাৰে বুলিও প্ৰশ্ন তুলিছে ছুপ্ৰিম কৰ্টে৷
ন্যায়াধীধ সূৰ্যকান্ত, উজ্জ্বল ভূঁইয়া আৰু এন কোটিশ্বৰ সিঙৰ এখন বেঞ্চে তালাক ই হাছানৰ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন তুলিছে৷ তেওঁলোকে এই চেলেঞ্জ পাঁচ সদস্যৰ সাংবিধানিক বেঞ্চলৈ পঠিয়াব পাৰে৷ তেওঁলোকে স্পষ্টকৈ কৈছে যে বিষয়টোত কোনো ধৰ্মীয় অনুশীলনক বাতিল কৰাৰ বিষয়ে নহয়৷ বৰং ই সাংবিধানিক নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ হয়নে সেয়া নিশ্চিত কৰা৷
তালাক ই হাছান প্ৰক্ৰিয়াত বিবাহবিচ্ছিন্না কিছু মুছলমান মহিলাই ছুপ্ৰিম কৰ্টৰ দ্বাৰস্থ হয়৷ তেওঁলোকে এই প্ৰক্ৰিয়াক লৈ প্রশ্ন তুলিছে৷ অভিযোগ যে তেওঁলোকৰ স্বামীয়ে তালাক ই হাছান প্ৰক্ৰিয়াৰে তেওঁলোকৰ বৈবাহিক সম্পৰ্ক ছিন্ন কৰিছে৷ অধিবক্তাৰ হাতেৰে তেওঁলোকে বিচ্ছেদৰ নটিছ পঠিয়াইছিল৷ ইয়াৰ ফলত সন্তানৰ পঢ়াশুনাৰ পৰা আৰম্ভ কৰি পাছপোৰ্ট, বিভিন্ন ক্ষেত্ৰত নানান সমস্যাৰো মুখামুখি হৈছিল তেওঁলোক৷
এই ৰীতিৰ পক্ষে দীঘলীয়া যুঁজ দিয়া এগৰাকী অধিবক্তাই ন্যায়ধীশৰ উদ্দেশ্যি কৰা মন্তব্যত কৈছে- এয়া কেনে নিয়ম? ২০২৫ চনত এয়া কেনেকৈ চলিব পাৰে? আমি যি ধৰ্মকেই অনুসৰণ নকৰো কিয় এয়া সমৰ্থন কৰিব নোৱাৰি৷ এনেকৈ নাৰীৰ মৰ্যাদা কেনেকৈ ৰক্ষা হ’ব? কোনো সভ্য আধুনিক সমাজত এই প্ৰথা চলি থাকিব পাৰেনে? ২০১৭ চনত আদালতে ইতিমধ্যেই তিনি তালাকক অসাংবিধানিক বুলি বাতিল কৰি দিছে৷ এয়া নাৰীৰ মৰ্যাদাৰ প্ৰতি অৱমাননা৷’
তালাক ই হাছান আইন অনুসৰি, স্বামীয়ে তিনি মাহ ধৰি মাহত এবাৰ তালাক উচ্চাৰণ কৰিব পাৰে৷ তৃতীয়বাৰৰ বাবে তালাক ঘোষণাৰ পাছত যদি দম্পতিয়ে আকৌ সহবাস আৰম্ভ নকৰে, তেতিয়া তালাক চূড়ান্ত হৈ যায়৷ প্ৰথম বা দ্বিতীয় ঘোষণাৰ পাছত পুনৰ্মিলন প্ৰক্ৰিয়া থাকিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















