‘মাদ্ৰাছাসমূহৰ আৰ্থিক অনুদান বন্ধ কৰা হওক৷’ সম্প্ৰতি কেন্দ্ৰ আৰু কেইবাখনো ৰাজ্য চৰকাৰে এই প্ৰস্তাৱ ৰাখিছিল জাতীয় শিশু অধিকাৰ সুৰক্ষা কমিছন(নেশ্ব্যনেল কমিছন ফৰ প্ৰটেকশ্ব্যন অফ চাইল্ড ৰাইটছ বা NCPCR)ত৷ এই গোচৰ পাইছিলগৈ ছুপ্ৰিম কৰ্টো৷ আজি সেই গোচৰৰ স্থগিতাদেশ জাৰি কৰিছে শীৰ্ষ আদালতে৷
সোমবাৰে এই গোচৰত ৰায়দান কৰিছে মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে৷ ডিৱাই চন্দ্ৰচুড় আৰু জেবি পাৰদিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বেঞ্চে এই গোচৰৰ শুনানি দিছে৷ মুখ্য ন্যায়াধীশ নেতৃত্বাধীন দুজনীয়া বেঞ্চে জনাইছে যে জাতীয় শিশু অধিকাৰ সুৰক্ষা কমিছনৰ প্ৰস্তাৱৰ ওপৰত স্থগিতাদেশ জাৰি কৰা হৈছে৷ কমিছনে দিয়া পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে কোনো পদক্ষেপ এতিয়া মাদ্ৰাছাৰ বিৰুদ্ধে ল’ব নোৱাৰিব৷
কমিছনে দিয়া পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰ বা ৰাজ্য চৰকাৰসমূহে কোনো পদক্ষেপ ল’ব নোৱাৰিব৷ ইয়াৰ সৈতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ পৰা চাৰি সপ্তাহৰ ভিতৰত জৱাবো বিচাৰিছে আদালতে৷ ইয়াৰোপৰি কেইদিনমান পূৰ্বে সেই কমিছনৰ ভিত্তিত উত্তৰপ্ৰদেশ আৰু ত্ৰিপুৱা চৰকাৰে নিৰ্দেশ দিছিল যে অনুমোদনহীন আৰু চৰকাৰ অনুমোদিত মাদ্ৰাছাসমূহৰ পৰা অমুছলমান সকলো ছাত্ৰ-ছাত্ৰীক চৰকাৰী স্কুলত ভৰ্তি কৰোৱা হ’ব৷ এই দুই ৰাজ্যৰ নিৰ্দেশিকাৰ ওপৰতো স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে৷ ইয়াৰোপৰি ইয়াৰ মাজতে আন কোনো ৰাজ্যই যদি এই বিষয়ে নিৰ্দেশিকা জাৰি কৰে তেন্তে তাৰ ওপৰত স্থগিতাদেশ বাহান থাকিব৷ জনা গৈছে যে মাদ্ৰাছাক লৈ উত্তৰপ্ৰদেশে জাৰি কৰা নিৰ্দেশনাক চেলেঞ্জ দি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল জামিয়াত উলেমা ই হিন্দ নামৰ এটা সংগঠন৷
এই সংগঠনৰ অভিযোগ আছিল, চৰকাৰৰ এই নিৰ্দেশনাৰ ফলত সংখ্যলঘুসকলৰ নিজস্ব শিক্ষা প্ৰতিষ্ঠান চলোৱা আৰু শিক্ষাৰ অধিকাৰ খৰ্ব কৰা হৈছে৷ সম্প্ৰতি মাদ্ৰাছাক লৈ আৰু এটা ৰিপৰ্ট তৈয়াৰ কৰিছে এনচিপিছিআৰে৷ মাদ্ৰাছাৰ ভূমিকা আৰু শিশুসকলৰ শিক্ষাৰ অধিকাৰ, তাৰ ওপৰত পৰা প্ৰভাৱক লৈ নানান তথ্য দি ১১ পৃষ্ঠাৰ ৰিপৰ্টো দাখিল কৰা হৈছে৷ ইয়াতেই কমিছনৰ মূল পৰামৰ্শ আছিল, বিভিন্ন ৰাজ্যৰ মাদ্ৰাছাসমূহৰ আৰ্থিক সহায়তা বন্ধ কৰি দিয়া হওক৷ কাৰণ তেওঁলোকৰ অভিযোগ, শিক্ষাৰ অধিকাৰ আইনৰ লক্ষ্যই হৈছে সমতা, সামাজিক ন্যায় আৰু গণতন্ত্ৰৰ প্ৰতিষ্ঠা৷ কিন্তু এই আইন লংঘন কৰি মাদ্ৰাছাসমূহকত পঢ়া শিক্ষাৰ্থীসকলক বিপৰীত শিক্ষা দি থকা হৈছে৷ এই অভিযোগৰ সপক্ষে কেইবাটাও প্ৰমাণো দাঙি ধৰা হৈছিল৷ এই মাদ্ৰাছাসমূহ সেয়ে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ প্ৰস্তাৱ দিছিল কমিছনে৷ এই প্ৰস্তাৱৰ ভিত্তিতেই পদক্ষেপ লৈছিল ত্ৰিপুৰা আৰু উত্তৰ প্ৰদেশ চৰকাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ