জীৱনলৈ কন্যা ৰাহা অহাৰ পাছতেই ৰণবীৰ আলিয়াৰ সংসাৰ যেন কৰোবাত সম্পূৰ্ণ হৈ উঠিছে৷ ৰণবীৰৰ কেৰিয়াৰতো ৰাহাৰ প্ৰভাৱ সঁচায়ে সুকীয়া৷ ৰাহাৰ জন্মৰ পাছৰে পৰাই এখনৰ পাছত আনখন ছবি হীট হৈছে ৰণবীৰ কাপূৰৰ৷ ৰাহাৰ জন্মৰ পাছত ৰৈ থকা নাই আলিয়াও৷ আলিয়াৰ হাতলৈকো আহিছে বহু কাম৷
এইবাৰ দীৱালীত আন এক ভালখবৰ দিব বুলি এক সাক্ষাৎকাৰত উল্লেখ কৰিছে ৰণবীৰে৷ দেৱালীৰ দিনটোতেই ডাঙৰ ছাৰপ্ৰাইজ দিব ৰণবীৰ আৰু আলিয়া ভাটে৷ কিন্তু কেনে সুখবৰ দিব পাৰে আলিয়া-ৰণবীৰে? বিষয়টোক লৈ উৎকণ্ঠা বাঢ়িছে বহুতৰে৷
প্ৰায় এবছৰ ধৰি আলিয়া ৰণবীৰে নিৰ্মাণ কৰি আছে তেওঁলোকৰ সপোনৰ ঘৰখন৷ এই ঘৰৰ ছবি বহু সময়ত ভাইৰেলো হৈছে৷ এইবাৰ দেৱালীতেই সপোনৰ ঘৰত প্ৰৱেশ কৰিব আলিয়া ৰণবীৰে৷ অৰ্থাৎ দেৱালীতেই গৃহপ্ৰৱেশৰ সিদ্ধান্ত লৈছে আলিয়া-ৰণবীৰে৷ নতুন ঘৰত প্ৰৱেশৰ সময়তেই বলীউডত বৃহৎ এক পাৰ্টীৰো আয়োজন কৰিছে দুয়োৱে৷
সূত্ৰৰ খবৰ অনুসৰি ৰণবীৰ কাপূৰৰ ককাক ৰাজ কাপূৰৰ বাংলো আছিল সেই বিশেষ ঘৰটো৷ সেই ঘৰকেই নতুনকৈ তৈয়াৰ কৰিছে ৰণবীৰ আলিয়াই৷ ঘৰৰ নাম দিয়া হৈছে কৃষ্ণ ৰাজ৷ ৰাজ কাপূৰৰ পত্নীৰ নাম আছিল কৃষ্ণা৷ স্বামী ৰণবীৰ কাপূৰ আৰু কন্যা ৰাহাৰ সৈতে সুখৰ সংসাৰত এই ঘৰ আৰু এটা সুখৰেই অংশ আলিয়াৰ৷ মুম্বাইৰ পালি হিল এলেকাত ৩৭.৮০ কোটি টকা দি এপাৰ্টমেণ্টো কিনিছে আলিয়াই৷ সেই এপাৰ্টমেণ্টৰ দুটা ফ্লেট উপহাৰ দিছে ভনীয়েক ছাহিন ভাটক৷
সূত্ৰৰ খবৰ অনুসৰি আলিয়াৰ এই এপাৰ্টমেণ্ট প্ৰায় ২,৪৯৭ স্কোৱাৰ ফিটৰ৷ আলিয়াই এই এপাৰ্টমেণ্ট ক্ৰয় কৰিছে তেওঁৰ প্ৰডাকশ্ব্যন হাউছ ইটাৰনেল ছানচাইন প্ৰডাকশ্ব্যনৰ নামত৷ এপ্ৰিল মাহৰ ১০তাৰিখে আলিয়াৰ নতুন এপাৰ্টমেণ্টটোৰ ৰেজিষ্টাৰ হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ