বৰ্তমান মীন ৰাশিত আছে সূৰ্য৷ আগন্তুক ১৪ এপ্ৰিলত সূৰ্যই মীন ৰাশি এৰি মেষ ৰাশিত গোচৰ কৰিব৷ সূৰ্যই এটা এটা ৰাশিত এমাহ সময় থাকে৷ সেয়ে ১২ ৰাশি চক্ৰক এবাৰ প্ৰদক্ষিণ কৰিবলৈ সূৰ্যক এবছৰ সময় লাগে৷ এবাৰ কোনো এটা ৰাশি এৰি যোৱাৰ পাছত আকৌ সেই ৰাশিলৈ উভতি আহিবলৈ সূৰ্যক সময় লাগে এবছৰ৷
বৰ্তমান সূৰ্যৰ সৈতে মীন ৰাশিত আছে শনিও৷ সূৰ্য আৰু শনিৰ সম্পৰ্ক পিতা পুত্ৰৰ হলেও দুয়ো পৰস্পৰৰ শত্ৰু গ্ৰহ৷ শনিৰ সংগ এৰি সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগেই ক্ষমতা বাঢ়িব৷ সূৰ্যৰ শুভ প্ৰভাৱত কোন কোন ৰাশিৰ জাতক লাভৱান হব জানি থওক৷
মেষ ৰাশি
মেষ ৰাশিতেই আগন্তুক ১৪ এপ্ৰিলত আহিব সূৰ্য৷ মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ মঙ্গল আৰু সূৰ্যই এটাই আনটোৰ বন্ধু গ্ৰহ৷ সূৰ্যৰ উত্তাপতেই ভাল সময় আহিব মেষৰ জাতকৰ৷ যদিও মেষ ৰাশিত শনিৰ ছাৰে সাতি আৰম্ভ হৈছে তথাপিও সূৰ্যৰ প্ৰভাৱত আগন্তুক এমাহ ভাল সময় কটাব এই ৰাশিৰ জাতকে৷ কামত সাফল্য পাব৷ ব্যক্তিগত সম্পৰ্কৰো উন্নতি হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















