গ্ৰহৰ ৰজা আৰু খ্যাতি আৰু পিতৃত্বৰ পূৰ্বসূৰী সূৰ্যই এই সময়ত মঙ্গল গ্ৰহৰ বৃশ্চিক ৰাশিত বিৰাজ কৰিছে৷ এই বছৰ শেষ গোচৰ কৰিব সূৰ্যই৷ ১৬ ডিচেম্বৰ ২০২৫ মঙ্গলবাৰে পুৱা ৪ বাজি ২৬ মিনিটত বৃশ্চিক ৰাশিৰ পৰা বাহিৰলৈ ওলাই গুৰু বৃহস্পতিৰ ধনু ৰাশিত প্ৰৱেশ কৰিব৷ আত্মবিশ্বাস, শক্তি, নেতৃত্বৰ ক্ষমতা বঢ়োৱা সূৰ্যৰ এই গোচৰে ৪ ৰাশিৰ জাতকক প্ৰচুৰ লাভ দিব৷ জানি থওক কোন কোন ৰাশিয়ে বছৰৰ শেষত সূৰ্যদেৱৰ কৃপা পাব?
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ ধনু ৰাশিত গোচৰে খুবেই শুভ পৰিণাম দিব৷ জাতকৰ আত্মবিশ্বাস বাঢ়িব আৰু কাম কৰাৰ ইচ্ছাশক্তি আৰু বাঢ়িব৷ জাতকে নিজৰ দায়িত্বক লৈ ডাঙৰ সিদ্ধান্ত ল’ব পাৰে৷ নতুন বিষয়ৰ ওপৰত কাম কৰাৰ সুযোগ পাব পাৰে৷ ৰৈ থকা অৰ্থ উভতাই পাব৷ আৰ্থিক পৰিস্থিতি সলনি হ’ব৷ ব্যৱসায় সংক্ৰান্তিয় দীৰ্ঘ কোনো যাত্ৰা কৰিব পাৰে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ গোচৰে ভাল সময় কঢ়িয়াই আনিব৷ হঠাৎ কোনো কামত আপোনাৰ প্ৰতিষ্ঠা বাঢ়িব৷ কৰ্মস্থানত সকলোৱে আপোনাৰ কথাত মন দিব৷ ঘৰত কোনো ডাঙৰ দায়িত্ব আপোনাৰ কান্ধলৈ আহিব পাৰে৷ সৃজনশীলতাৰ ক্ষেত্ৰত আপুনি সফলতা পাব৷ প্ৰেম আৰু শিক্ষাৰ সৈতে যুক্ত গোচৰত ইতিবাচকতা বাঢ়িব৷ যাৰ ফলত জীৱনত বেলেন্স আৰু উৎসাহ বাঢ়িব৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ এই ৰাশিত গোচৰে খুবেই ভাল ফল দিব৷ আপোনাৰ ব্যক্তিত্ব আৰু সুন্দৰ হ’ব আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বাঢ়িব৷ নতুন কাম আৰম্ভ কৰাৰ সময়কাল ভাল৷ পৰিয়াল আৰু সামাজিক ক্ষেত্ৰত জাতকৰ সন্মান বাঢ়িব৷ নতুন কাম আৰম্ভ কৰাৰ সময়কাল ভাল৷ পৰিয়াল আৰু সামাজিক ক্ষেত্ৰত জাতকৰ সন্মান বাঢ়িব৷ অৰ্থৰ অভাল দূৰ হব৷ মন শান্ত থাকিব৷
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ এই গোচৰ ভাগ্য উজ্জ্বল কৰিব৷ জাতকৰ আৰ্থিক ৰূপ মজবুত হব৷ ৰৈ থকা সকলো কাম সম্পন্ন হব৷ চিন্তাত ইতিবাচকতা আহিব৷ জাতকে নিজৰ খৰচ নিয়ন্ত্ৰণত আনিব পাৰিব৷ মন শান্ত থাকিব আৰু পিতৃৰ স্বাস্থ্য পূৰ্বতকৈ ভাল হব৷ চাকৰি আৰু ব্যৱসায়ত অহা বাধা দূৰ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















