জীৱজগতত প্ৰাণৰ উৎস সূৰ্য হৈছে সৌৰজগতৰ ৰজা৷ অন্যহাতে শনিক কোৱা হয় কৰ্মফলত দেৱতা৷ শাস্ত্ৰ অনুসৰি সূৰ্যৰ সন্তান হৈছে শনি৷ যদিও তেওঁলোকৰ মাজত সম্পৰ্ক মুঠেও ভাল নহয়৷ জ্যোতিষশাস্ত্ৰত সূৰ্য আৰু শনি উভয়েই অত্যন্ত গুৰুত্বপূৰ্ণ৷ ৰাশিচক্ৰৰ ১২ টা ৰাশিৰ জাতকৰ ওপৰতেই এই দুই গ্ৰহৰ বিশেষ প্ৰভাৱ লক্ষ্য কৰা যায়৷
সূৰ্য-শনিৰ পঞ্চক যোগ
বৰ্তমান শনিয়ে মীন ৰাশিত অৱস্থান কৰিছে৷ ২০২৬ চন জুৰি শনিয়ে মীন ৰাশিতেই থাকিব৷ সূৰ্যই বৰ্তমান আছে বৃশ্চিক ৰাশিত৷ আৰু কিছুদিনৰ মাজত বৃশ্চিক এৰি ধনু ৰাশিত গোচৰ কৰিব সূৰ্যই৷ ৪ জানুৱাৰীৰ নিশা ১১ বাজি ৩৮ মিনিটত সূৰ্য আৰু শনি পৰস্পৰৰ পৰা ৭২ ডিগ্ৰি কোণত অৱস্থান কৰিব৷ ইয়াৰোপৰি এই সময়ত গুৰুগ্ৰহ বৃহস্পতিৰো দৃষ্টি থাকিব এই দুই গ্ৰহৰ ওপৰত৷ জ্যোতিষ গণনাই কৈছে যে এই যোগ লাভজনক হ’ব তিনি ৰাশিৰ জাতকৰ বাবে৷ জানি থওক এই তালিকাত কোন কোন আছে?
কন্যা ৰাশি
শনি-ৰবিৰ পঞ্চক যোগত নতুন বছৰত নানান দিশৰ পৰা লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ সন্মুখত আৰ্থিকভাৱে লাভ কৰাৰ একাধিক পথ খুলিব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা প্ৰকল্পৰ কাম নতুনকৈ আৰম্ভ কৰিব পাৰে৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা লাভ কৰিব৷ সম্পত্তি সংক্ৰান্তিয় বা ব্যৱসায় সংক্ৰান্তিয় ডাঙৰ সিদ্ধান্ত ল’ব পাৰে৷ চাকৰিত পদোন্নতিৰ যোগ আছে৷ পৰিয়ালত শান্তি থাকিব৷ বিদেশ যাত্ৰা কৰিব পাৰে৷
ধনু ৰাশি
সূৰ্য আৰু শনিৰ পঞ্চক যোগ নতুন বছৰত ধনু ৰাশিৰ বাবে লাভজনক হব৷ কেৰিয়াৰত এই সময়ত ডাঙৰ পৰিবৰ্তন হব পাৰে৷ চাকৰিত উন্নতিৰ নতুন দিশা পাব৷ পদোন্নতি হব পাৰে আৰু গুৰুত্বপূৰ্ণ প্ৰকল্পৰ দায়িত্ব পাব পাৰে৷ চৰকাৰী কাম সহজে সম্পন্ন কৰিব পাৰিব৷ আইনী জটিলতা দূৰ হব৷ সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ দীৰ্ঘদিনৰ সপোন পূৰণ হব পাৰে৷
মীন ৰাশি
২০২৬ত পঞ্চক যোগ অত্যন্ত শুভ হব মীন ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপুনি নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব৷ আৰ্থিক পৰিস্থিতি উন্নত হব৷ পূৰ্বে হোৱা আৰ্থিক ক্ষতি এই সময়ত পূৰণ হব৷ গৱেষণা, বিজ্ঞান, প্ৰযুক্তি, ঔষধ আৰু বিনিয়োগৰ সৈতে পেছাগতভাৱে যুক্তসকলে উন্নতি কৰাৰ বিশেষ সুযোগ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















