নিৰ্লজ পৰাজয়ৰ পাছ এইবাৰ ভাৰতীয় দল দক্ষিণ আফ্ৰিকাত; কেপ্টেইন সলনি, প্ৰশিক্ষকো সলনি, ফৰ্মেটো সলনি
টি-২০ বিশ্বকাপ জয়ী ভাৰতীয় দল নিউজিলেণ্ডৰ বিৰুদ্ধে নিৰ্লজ্জ পৰাজয়ৰ পাছতে এইবাৰ দক্ষিণ আফ্ৰিকালৈ যাত্ৰা ভাৰতীয় দলৰ। ৮ নৱেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হব ভাৰত-নিউডিলেণ্ডৰ মাজত টি-২০ চিৰিজ।
এই চিৰিজৰ বাবে ভাৰতীয় দলৰ অধিনায়ক তথা কেপ্টেইন সলনি কৰা হৈছে। লগতে সলনি কৰা হৈছে ভাৰতীয় দলৰ প্ৰশিক্ষক আৰু সলনি কৰা হৈছে সম্পূৰ্ণ ফৰ্মেট। সকলো নতুন হিচাপে নামিব ভাৰতীয় দল। ই একপ্ৰকাৰৰ বিশ্ব ক্ৰিকেটৰ সমুখত সন্মান ৰক্ষাৰ বাবে নামিব ভাৰতীয় দল।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪ খনীয়া চিৰিজ খেলিব ভাৰতীয় ক্ৰিকেট দলে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাওনা হোৱা ভাৰতীয় দলৰ এইবাৰৰ অধিনায়ক হিচাপে প্ৰেৰণ কৰা হৈছে সূৰ্যকুমাৰ যাদৱক।
লগতে দলটোৰ লগত নাথাকে মুখ্যপ্ৰশিক্ষক গৌতম গম্ভীৰ। নিউডিলেণ্ডৰ বিৰুদ্ধে খেলা দলটোৰ সৈতে ব্যস্ত থকা বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলৈ যোৱা দলটোৰ সৈতে থাকিব প্ৰাক্তন সুদক্ষ খেলুৱৈ ভি ভি এছ লক্ষ্মণ।
এই টি-২০ খেল আৰম্ভ হব ৮ নৱেম্বৰৰ পৰা। প্ৰথম খন খেল ৮ নৱেম্বৰৰ দিনা কিংগছমীডত খেলা হব। তাৰ পাছত দ্বিতীয়খন খেল ১০ নৱেম্বৰ তাৰিখে চেণ্ট জৰ্জ অৱেল আৰু তৃতীয় খন খেল ছুপাৰস্পোৰ্টছ পাৰ্কত আৰু চতুৰ্থখন তথা অন্তিমখন খেল ৱানডেৰৰ্চ ষ্টেডিয়ামত হব ।
টি-২০ ছিৰিজৰ বাবে ঘোষণা কৰা দুয়ো দলৰ খেলুৱৈ সকল-
ভাৰতৰ টি-২০ দল : সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), ৰিংকু সিং, তিলক বাৰ্মা, জিতেশ শৰ্মা (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰমনদীপ সিং, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণয়, আৰ্ষদ্বীপ সিং, বিজয়কুমাৰ , আৱেশ খান আৰু যশ দয়াল
দক্ষিণ আফ্ৰিকাৰ টি-২০ দল : আইডেন মাৰ্ক্ৰাম (অধিনায়ক), অটনেইল বাৰ্টমেন, জেৰাল্ড কোটজি, ড’নভান ফেৰেইৰা, ৰিজা হেণ্ড্ৰিক্স, মাৰ্কো জেনছন, হাইনৰিখ ক্লাচেন, পেট্ৰিক ক্ৰুগাৰ, কেশ্বভ মহাৰাজ, ডেভিদ মিলাৰ, মিহালালি ম্পোংৱানা, নকাবা পিটাৰ, ৰিয়ান ৰিকেলটন, এণ্ডিলে চিমেলানে , লুথো ছিপামলা আৰু ট্ৰিষ্টান ষ্টাবছ ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ