দেশত ৰন্ধন গেছ ডেলিভাৰীৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ লোৱা হৈছে। এতিয়াৰে পৰা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দৰেই Swiggy Instamart-ত অনলাইন অৰ্ডাৰ কৰি মাত্ৰ ১০ মিনিটৰ ভিতৰত ঘৰতে লাভ কৰিব পাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। এই অভূতপূৰ্ব সেৱা আৰম্ভ কৰাৰ বাবে HPCL (Hindustan Petroleum Corporation Limited) আৰু Swiggyৰ মাজত এক বুজাবুজি চুক্তি সম্পন্ন হৈছে।
এই নতুন ব্যৱস্থাৰ অধীনত গ্ৰাহকে HP Navya নামৰ ১০ কেজি ওজনৰ LPG চিলিণ্ডাৰ অনলাইনতে বুকিং কৰিব পাৰিব। আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল, এই চিলিণ্ডাৰ ক্ৰয় কৰাৰ সময়ত কোনো খালী চিলিণ্ডাৰ ঘূৰাই দিব নালাগে। ব্যৱহাৰৰ পিছত নিজৰ সুবিধামতে বা পিছতহে খালী চিলিণ্ডাৰ জমা দিব পাৰিব।
নালাগে কোনোধৰণৰ কাৰ্ডৰ ব্যৱস্থা
সকোলোতকৈ গুৰুত্বপূৰ্ণ আৰু সুবিধাজনক কথাটো হৈছে, এই সেৱাৰ বাবে ঘৰত পূৰ্বৰে পৰা LPG সংযোগ থকাটো বাধ্যতামূলক নহয়। অৰ্থাৎ, ছাত্ৰ-ছাত্ৰী, চাকৰিসূত্ৰে ঘৰৰ পৰা দূৰত থকা লোকসকল, শ্ৰমিক, ভাড়াঘৰত বাস কৰা লোকৰ বাবে এই সুবিধা লাভজনক হিচাপে বিবেচিত হ’ব। কিয়নো কাৰ্ড নথকা তেনে গ্ৰাহকে অতিৰিক্ত ধন ব্যয় কৰি এতিয়াৰে পৰা ক’লা বজাৰৰ পৰা চিলিণ্ডাৰ ক্ৰয় কৰিব নালাগে।
অনলাইন চিলিণ্ডাৰ ক্ৰয়ৰ পূৰ্বে গ্ৰাহকে কৰিব লাগিব এই কাম
অৱশ্যে চিলিণ্ডাৰ অৰ্ডাৰ কৰাৰ পূৰ্বে গ্ৰাহকে অনলাইন KYC সম্পূৰ্ণ কৰিব লাগিব। পৰিচয় নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ ডিজিটেলভাৱে আপলোড কৰাৰ ব্যৱস্থাও থাকিব।
HP Navya চিলিণ্ডাৰৰ ওজন সাধাৰণ LPG চিলিণ্ডাৰতকৈ যথেষ্ট কম হোৱাত ইয়াক কঢ়িয়াই নিয়া আৰু ব্যৱহাৰ কৰাটোও অধিক সহজ হ’ব। এই সেৱা প্ৰথম পৰ্যায়ত কেৱল বেংগালুৰুত আৰম্ভ কৰা হৈছে। পৰৱৰ্তী সময়ত দেশৰ অন্যান্য চহৰতো এই সুবিধা সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। সফল ৰূপায়ণ হ’লে ভাৰতত ৰন্ধন গেছ ক্ৰয় আৰু ডেলিভাৰীৰ ক্ষেত্ৰত এই পদক্ষেপে এক নতুন অধ্যায় সূচনা কৰিব বুলি ধাৰণা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













