শীঘ্ৰে অসমলৈ আহিব শ্যামকানু মহন্ত। একাংশ সূত্ৰৰ মতে আজিয়েই অসমলৈ আহিব পাৰে শ্যামকানু মহন্ত। এক ফেচবুক পোষ্টযোগে শ্যামকানুৱে কৈছে, ‘মই অসমলৈ আহি আছো’।

ফেচবুক পোষ্টত শ্যামকানু মহন্তই লিখিছে, ‘শ্ৰদ্ধাৰ ৰাইজ। মই আহি আছো সোনকালে, ইতিমধ্যে মই পুলিচক জনাইছো। চৰকাৰ প্ৰশাসনক সম্পুৰ্ণৰূপে সহযোগিতা কৰিম। মোৰ লুকুৱাবলৈ একো নাই।’

ইয়াৰোপৰি শ্যামকানুৱে লিখিছে, ‘SITয়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম। অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হওক, তন্ন তন্ন কৈ সকলো দিশ, সকলো কথা অনুসন্ধান হওক, ৰাইজৰ হিয়াৰ আমঠু, মোৰ অতি মৰমৰ জুবিনৰ মৃত্যুৰ লগত জড়িত সকলোখিনি কথা ভালদৰে ওলাই পৰক তাকে কামনা কৰিম।’

জুবিন গাৰ্গৰ মৃত্যু পিছৰে পৰা পলায়ন কৰি আছে শ্যামকানু মহন্তই। ইতিমধ্যে শ্যামকানু মহন্তক ৬ অক্টোবৰৰ সময়সীমা বান্ধি দিছিল CIDৰ SIT টিমে। মুখ্য়মন্ত্ৰীয়েও সঁকীয়নি প্ৰদান কৰিছে শ্যামকানুক। বান্ধি দিয়া দিনটোৰ ভিতৰত অসমলৈ আহিবলৈ আদেশ দিছে মুখ্য়মন্ত্ৰীয়েও।

ইতিমধ্যে শ্যামকানু মহন্তক সকলো বেংক একাউণ্ট ফ্ৰীজ কৰিছে SITএ। আনফালে মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰত গৈ হ’লেও শ্যামকানুক গ্ৰেপ্তাৰৰ হুংকাৰ প্ৰদান কৰিছে।