‘হয়, মই পাক সেনাৰ এজেণ্ট’ অৱশেষত মুখ খুলিলে মুম্বাই ঘটনাৰ মুখ্য অভিযুক্ত তাহাউৰ ৰাণাই
মুম্বাই ২৬/১১ ৰ ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড তাহাউৰ ৰাণাই অৱশেষত মুখ খুলিলে। সাক্ষাতত নিজেই ক’লে ‘হয়, মই পাক সেনাৰ এজেণ্ট’। পাকিস্তান সেনাৰ সৈতে থকা গভীৰ সম্পৰ্কৰ কথা খোলোচা কৰিলে তাহাউৰ ৰাণাই।
উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ৰাষ্ট্ৰীয় তদন্ত সংস্থা ‘নিয়া’ৰ জিম্মাত থকা প্ৰধান অভিযুক্ত তাহাউৰ ৰাণাক মুম্বাই অপৰাধ শাখাই অবিৰতভাৱে জেৰা চলাই আহিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি এই গোচৰৰ তদন্তৰ সময়ত বহু সবিশেষ ইতিমধ্যে ৰেকৰ্ডত আছিল।
এজন আৰক্ষী বিষয়াই কয় যে ৰাণা এতিয়াও মানসিকভাৱে তেওঁৰ পুৰণি উত্তৰবোৰত আবদ্ধ হৈ আছে। আৰক্ষীক জেৰাত যদিও উত্তৰ দি আছে, কিন্তু সকলো উত্তৰতে তাহাউৰৰ কট্টৰপন্থী মনোভাৱ প্ৰকাশ পাইছে।
নিজৰ বিবৃতিত ৰাণাই দাবী কৰে যে তেওঁ পাকিস্তান সেনাৰ বিশ্বাসযোগ্য ব্যক্তি। ইৰাকে কুৱেইট আক্ৰমণৰ সময়ত তেওঁক চৌদি আৰৱলৈ গোপন অভিযানত পঠোৱা বুলিও কয়, যিয়ে পাকিস্তানী সামৰিক প্ৰতিষ্ঠানৰ বাবে তেওঁৰ কৌশলগত গুৰুত্ব প্ৰকাশ কৰে।
ৰাণাই কয় যে তেওঁ ১৯৮৬ চনত ৰাৱালপিণ্ডিৰ আৰ্মি মেডিকেল কলেজৰ পৰা এম বি বি এছ সম্পূৰ্ণ কৰিছিল আৰু তাৰ পিছত ৰাণাক কুৱেটাত কেপ্তেইন (ডাক্তৰ) হিচাপে নিযুক্তি দিয়া হৈছিল। সিন্ধ, বেলুচিস্তান, বাহাৱালপুৰ আৰু চিয়াচেন-বালোত্ৰা খণ্ডকে ধৰি পাকিস্তানৰ কেইবাটাও স্পৰ্শকাতৰ সামৰিক অঞ্চলতো তাহাউৰে সেৱা আগবঢ়াইছিল।
জেৰাৰ সময়ত ৰাণাই আব্দুল ৰেহমান পাছা, চাজিদ মিৰ আৰু মেজৰ ইকবালক চিনি পোৱা বুলিও স্বীকাৰ কৰে। তিনিওজনেই পাকিস্তানী নাগৰিক আৰু ২৬/১১ মুম্বাই আক্ৰমণত মূল ভূমিকা গ্ৰহণ কৰা বুলি অনুমান কৰা হৈছে। ৰাণা হিন্দী, ইংৰাজী, আৰবী আৰু পাষ্টো আদি কেইবাটাও ভাষাত পাকৈত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















