দ্বিতীয়বাৰৰ বাবে কেঞ্চাৰত আক্ৰান্ত আয়ুষ্মান খুড়ানাৰ পত্নী তাহিৰা, নিজেই দিলে এই বাৰ্তা
চলচ্চিত্ৰ পৰিচালক, লেখিকা তথা অভিনেতা আয়ুষ্মান খুড়ানাৰ পত্নী তাহিৰা কাশ্যপৰ জীৱনলৈ পুনৰ ঘুৰি আহিছে কেঞ্চাৰ। পুনৰবাৰ কেন্সাৰৰ দৰে ভয়াৱহ ৰোগৰ সৈতে যুঁজি দিছে তাহিৰাই। ট
সাত বছৰৰ মূৰত পুনৰ তাহিৰাৰ জীৱনলৈ স্তন কেন্সাৰ। তাহিৰাই নিজেই ছচিয়েল মিডিয়াত দিয়া এটা পোষ্টৰ জৰিয়তে এই তথ্য দিছে।
তাহিৰাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰি লিখে, যে তেওঁৰ স্তন কেন্সাৰ ৭ বছৰৰ পাছত পুনৰ আবিৰ্ভাৱ হৈছে। সাত বছৰৰ অস্বস্তি বা নিয়মীয়া চেকআপৰ শক্তি, ই আপোনাৰ দৃষ্টিভংগী। মই পিছৰটোৰ সৈতে যাম আৰু নিয়মীয়া মেম’গ্ৰাম কৰা সকলোকে পৰামৰ্শ দিম। মোৰ বাবে ই দ্বিতীয় পৰ্যায়। ই মোৰ সৈতে এতিয়াও আছে।”
উল্লেখ্য যে, ২০১৮ চনত প্ৰথমবাৰৰ বাবে স্তন কেন্সাৰত আক্ৰান্ত হৈছিল তাহিৰা কাশ্যপ। দীৰ্ঘ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছিল তাহিৰা। কিন্তু ৭ বছৰৰ মূৰকত পুনৰ একেই ৰোগ উভতি আহিছে তাহিৰাৰ জীৱনলৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















