অসম লাইভ ২৪ঃ টাইৱানত সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। শুকুৰবাৰে টাইৱানৰ টাইপে’ত সংঘটিত এই দুৰ্ঘটনাত প্ৰাণ গ’ল ৩৬গৰাকী লোকৰ। এটা সুৰংগ পথত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত ৰে’লখনত বৰ্তমানেও আৱদ্ধ হৈ আছে প্ৰায় ৭২গৰাকী যাত্ৰী, আহত হয় ১২ গৰাকী। সুৰংগ পথত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে উদ্ধাৰকাৰী দলৰ। যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত আছে দুৰ্ঘটনাস্থলীত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ