বলীউডৰ অভিনেত্ৰী তমন্না ভাটিয়া অসম পালেহি। কোনো শ্বুটিং বা ফুৰিবলৈ তামান্না অসমলৈ অহা নাই। বিপদেহে অসমলৈ টানি আনিছে তামান্নাক। মহাদেৱ বেটিং এপ গোচৰত তেওঁৰ ওপৰত জেৰা চলাই আছে ইডিয়ে। প্রতিবেদন অনুসৰি তমান্না ভাটিয়াৰ বিৰুদ্ধে মহাদেৱ এপত আই পি এলৰ খেলসমূহ অবৈধভাৱে প্রচাৰৰ অভিযোগ উত্থাপন হৈছিল। সেই অভিযোগৰ বাবেই তদন্তকাৰী সংস্থাই মাতি আনি গুৱাহাটীৰ ইডি কাৰ্যালয়ত জেৰা চলাইছে তামান্নাক।
গুৱাহাটীত ইডিয়ে জেৰা কৰিছে তামান্নাক। বলীউডৰ ছবি ষ্ট্ৰী-২ৰ ‘আজ কি ৰাত’ গীতটোৰ পাছতেই অধিক জনপ্ৰিয় তামান্না এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে ইডিৰ জেৰাৰ বাবেহে। মহাদেৱ বেটিং এপৰ গোচৰত ইডিয়ে বলিউডৰ তাৰকাৰ ওপৰত বহুদিন ধৰি চকু ৰাখিছে। এই গোচৰত ১৭ গৰাকী বলীউড অভিনেতাক জেৰা কৰিছে ইডিয়ে। এই গোচৰত কমেডিয়ান কপিল শৰ্মাকো চমন দিয়া হৈছিল। এইবাৰ দ্বিতীয়বাৰৰ বাবে ইডিয়ে তমান্মা ভাটিয়াক চমন পঠিয়াইছে। ইডিৰ চমন লাভ কৰিয়েই গুৱাহাটীত উপস্থিত হৈছে তামান্না।
এপ্ৰিল মাহতো তদন্তৰ বাবে ইডিয়ে মাতিছিল তামান্নাক
এপ্ৰিল মাহত তমান্না ভাটিয়াক মহাদেৱৰ সহযোগী প্ৰতিষ্ঠান ফেয়াৰপ্লে এপত আই পি এলৰ মেচ প্ৰচাৰ কৰাৰ অভিযোগত চমন দিয়া হৈছিল। মহাৰাষ্ট্ৰ চাইবাৰ চেলে তেওঁক সোধা-পোছাৰ বাবে মাতিছিল। জানিব পৰা মতে মহাদেৱ বেটিং এপ গোচৰত ১৫ হাজাৰ কোটি টকাৰ কেলেংকাৰিৰ তদন্ত চলাই আছে তদন্তকাৰী সংস্থাই। ৬ দিন পূৰ্বে ডুবাইত গ্ৰেপ্তাৰ হৈছে মহাদেৱ এপৰ স্বত্বাধিকাৰী সৌৰভ চন্দ্ৰকাৰ।
তামন্না ভাটিয়া ফেয়াৰপ্লে এপৰ সৈতেও জড়িত আছিল
অফিচিয়েল ব্ৰডকাষ্টাৰ ভেকম ১৮ৰ অনুমতি অবিহনে আই পি এলৰ মেচসমূহ অবৈধভাৱে ষ্ট্ৰীমিং কৰাৰ অভিযোগ আছে ফেয়াৰপ্লে এপৰ বিৰুদ্ধে। যাৰ বাবে চৰকাৰী সম্প্ৰচাৰকে এই সম্প্ৰচাৰ কৰি আৰ্থিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। খবৰ অনুসৰি তমান্না ভাটিয়া ফেয়াৰপ্লে এপৰ সৈতেও জড়িত আছিল। এই এপটোৰ ফলতেই ভায়াকমৰ ১ কোটি টকা লোকচান হৈছে। মহাদেৱ বেটিং এপ কেলেংকাৰীত ৩৮ জনতকৈ অধিক লোকৰ নাম জড়িত থকাৰ খবৰ ভাইৰেল হৈছিল। ছত্তীশগড়ৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু ভূপেশ বাঘেলেও অভিযুক্তক সহায় কৰাৰ অভিযোগ উত্থাপন হৈছিল। অৱশ্যে তেওঁ এই অভিযোগ অস্বীকাৰ কৰি বিৰোধীৰ ওপৰত এয়া শাসকীয় দলৰ ষড়যন্ত্ৰ আখ্যা দিছিল ভূপেশ বাঘেলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ