অসম লাইভ২৪ঃ
নাজিৰাত শিক্ষকৰ প্ৰহাৰৰ সন্মুখীন এজন কণমানি ছাত্ৰ৷
নাজিৰাত শিক্ষকৰ বিৰুদ্ধে শিশু প্ৰহাৰৰ গুৰুতৰ অভিযোগ।
নাজিৰাস্থিত Ashihara karate school ৰ শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ৷
শিক্ষক কুতুবুদ্দিনে ৮ বছৰীয়া ছাত্ৰ আদিত্য চাহুক নিৰ্মমভাৱে কৰিছিল প্ৰহাৰ৷
তৃতীয় শ্ৰেণীৰ ছাত্ৰ আদিত্যই এটা কিক মাৰিব নোৱাৰাৰ বাবেই প্ৰহাৰ শিক্ষকৰ৷
কেৰাটে স্কুলত প্ৰশিক্ষণ লৈ আছে কণমানি ছাত্ৰ আদিত্যই৷
শিক্ষকৰ বিৰুদ্ধে ছাত্ৰজনক প্ৰহাৰ কৰাৰ অভিযোগ আনিছে ছাত্ৰগৰাকীৰ পৰিয়ালে৷
শিক্ষকৰ বিৰুদ্ধে থানাত এজাহাৰো দাখিল কৰাৰ কথা প্ৰকাশ কৰিছে ছাত্ৰজনৰ পিতৃয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ