৫২ বছৰে মানি অহা অমিতাভৰ সেই চৰ্ত, যাৰ বাবেই এতিয়াও অটুট সম্পৰ্ক
অমিতাভ বচ্চন আৰু জয়া বচ্চন বলীউডৰ অন্যতম প্ৰিয় দম্পতী। ৫২ বছৰে ধৰি সুখৰ সংসাৰ কৰি আছে বলীউডৰ এই দম্পতিহালে। আজিৰ দম্পতিয়ে অনুপ্ৰেৰণা লয় অমিতাভ-জয়াৰ পৰা। ১৯৭৩ চনত বিবাহ পাশত আৱদ্ধ হোৱা অমিতাভ-জয়াৰ আজিয়ো সম্পৰ্ক অটুত। পাছে এই সফলতাৰ আঁতৰৰ ৰহস্য কি!
যি সময়ত প্ৰায়ে বিবাহ বিচ্ছেদৰ কথা শুনিবলৈ পোৱা যায়, সেই সময়ত এইহাল দম্পতিয়ে পুত্ৰ-জী, নাতি-নাতিনীৰে সুখৰ সংসাৰ। পাছে এই সফল বিবাহিত জীৱনৰ আঁৰৰ কাৰণটো হ’ল অমিতাভে জয়াক দিয়া এটা চৰ্ত। যি আজিয়ো মানি আহিছে জয়া বচ্চনে।
অমিতাভ বচ্চন সফল তথা তাৰকা হোৱাৰ পূৰ্বেই ছুপাৰষ্টাৰ হৈ পৰিছিল জয়া বচ্চন। অমিতাভতকৈ পূৰ্বেই সফলতাৰ শিখৰত আৰোহন কৰিছিল জয়াই। কোৱা হয় যে জয়াৰ বাবেই অমিতাভে জীৱনৰ টাৰ্নিং পইণ্ট হিচাপে খ্যাত ছবিখন পাইছিল, যিয়ে নিশাটোৰ ভিতৰতেই ভাগ্য সলনি কৰিছিল অমিতাভৰ।
১৯৭৩ চনত মুক্তি পোৱা জঞ্জীৰ ছবিখন অমিতাভৰ কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট। এই খন জয়াৰ বাবেই পাইছিল অমিতাভে। ছবিখনত অমিতাভ আৰু জয়াৰ সফল যোৰ দেখা গৈছিল। এই ছবিখনৰ সফলতাৰ পিছত একে বছৰৰ ৩ জুনত বিবাহপাশত আবদ্ধ হৈছিল অনিবাথ-জয়া।
কিন্তু বিয়াৰ আগে আগে অমিতাভে জয়াক কৈছিল যে তেওঁ প্ৰতিদিনে কাম কৰা পত্নী নিবিচাৰে। এগৰাকী ঘৰ সম্ভালা পত্নীহে বিচাৰে। কাম কৰিলেও একেবাৰে বচা বচা কাম তথা নিৰ্বাচিত প্ৰজেক্ট লগতে ভাল মানুহৰ লগতহে কাম কৰা বিচাৰে।
জয়াই অমিতাভৰ এই চৰ্ত মানি লৈছিল আৰু তেনেদৰেই কৰিছিল। বিয়াৰ পিছত অমিতাভে ইখনৰ পাছত সিখন হিট ছবি কৰি থাকিল, কিন্তু জয়াই পৰিয়াল আৰু সন্তানৰ সৈতে অধিক সময় কটাবলৈ আৰম্ভ কৰিলে। তাৰে মাজে মাজে ছেগাচোৰোকাকৈ বচা বচা নিৰ্বাচিত চবিত কাম কৰে জয়া বচ্চনে।
অৱশ্যে আজিও দুয়োজনেই চিনেমাত সক্ৰিয়। শেহতীয়াকৈ জয়া বচ্চনক ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী ছবিত দেখা গৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















