শৰৎকালৰ আগমনৰ লগে লগে অসমীয়া প্ৰকৃতিৰ চৌদিশে বিয়পি পৰে শেৱালী ফুলৰ মিঠা সুগন্ধি। নিশাৰ আন্ধাৰত ফুলি পুৱাৰ ভাগত মাটিত সৰি পৰা শেৱালী ফুলে সকলোৰে মন মুহি নিয়ে।
শেৱালী ফুলৰ ইংৰাজী নাম Night-flowering Jasmine বা Night Jasmine। ইয়াৰ বৈজ্ঞানিক নাম Nyctanthes arbor-tristis। আয়ুৰ্বেদসহ বিভিন্ন পৰম্পৰাগত চিকিৎসা পদ্ধতিত শেৱালী গছৰ ফুল, পাত, গুটি আৰু বাকলি বিভিন্ন সমস্যাৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে। ইয়াৰ উপৰিও ইয়াক চুলি, শালমইন, মূৰৰ বিষ, পেটৰ কৃমি ইত্যাদিৰ বেমাৰত ব্যৱহাৰ কৰা হয়। কেৱেল শেৱালি ফুলেই নহয়, ইয়াৰ পাতো যথেষ্ঠ উপকাৰী।
শেৱালি ফুল বহু ঔষধি গুণেৰে ভৰপূৰ। এই মন্তব্য বিশিষ্ট চিকিৎসক দেৱাশীষ বিশ্বাসৰ। তেওঁ কয়, শেৱালি ফুলৰ পাতৰ ৰস খালী পেটত খালে কফৰ সমস্যা দূৰ কৰে। যদিও ইয়াৰ ৰস অতি তিতা, নিয়মিতভাৱে সেৱন কৰিলে কাহ আৰু কফ দুয়োটা দূৰ হয়। তিতা কম কৰিবলৈ এচামুচ মৌ মিহলাই খাব পাৰে।
দীৰ্ঘদিন ধৰি বাতবিষ বা কঁকালৰ বিষত ভুগি থকাসকলে এই পাত পিহি খালী পেটতে ইয়াৰ ৰস খাব পাৰে। ৰোগ নিমিষতে আৰোগ্য হ’ব।
ঘৰৰ উত্তৰ বা পূব দিশত শেৱালি ফুলৰ গছ ৰোপণ কৰিলে ভাল। ইয়াৰ ফলত ঘৰৰ পৰা নেতিবাচকতা আঁতৰি যায়। ইয়াৰ লগতে ঘৰলৈ সুখ, শান্তি, সমৃদ্ধি আহে। ঘৰত এজোপা শেৱালি ফুলৰ গছ ৰোপণ কৰিলে মানসিক চাপ দূৰ হয় আৰু ঘৰত শান্তি বজাই ৰাখে।
চৰ্বি কমোৱাৰ বাবে চিকিৎসকে ৰাতিপুৱা আৰু গধূলি ডেৰ গ্ৰাম থেতেলিয়াই লোৱা স্কেলিয়ন দালি খাবলৈ পৰামৰ্শ দিয়ে। এই পদ্ধতি পালন কৰিলে কেইদিনমানৰ ভিতৰতে চৰ্বি ক্ষয় হোৱা দেখা যায়।
শেৱালী উদ্ভিদত ফ্লেভনয়ড, ফেনলিক যৌগ আৰু অন্যান্য জৈৱ সক্ৰিয় উপাদান পোৱা যায় বুলি বিভিন্ন গৱেষণাত উল্লেখ কৰা হৈছে। এই উপাদানসমূহৰ কিছুমানৰ এণ্টিঅক্সিডেণ্ট গুণ থাকিব পাৰে।
চুলি সৰাৰ সমস্যা থাকিলে পুষ্টিৰ অভাৱ, হৰম’নৰ পৰিৱৰ্তন, মূৰৰ ছালৰ সমস্যা বা আন কোনো স্বাস্থ্যজনিত কাৰণ আছে নেকি, সেয়া জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















