• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

27 minutes ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

15 seconds ago
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

2 hours ago
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

2 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

2 hours ago
বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

3 hours ago
সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

3 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

4 hours ago
ডিয়ৰনেছ ভাট্টা ৬৫%? আগষ্ট মাহৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা পাব বৃদ্ধি!

ডিয়ৰনেছ ভাট্টা ৬৫%? আগষ্ট মাহৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা পাব বৃদ্ধি!

4 hours ago
নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

6 hours ago
কোনখন চৰকাৰী আঁচনিয়ে দিয়ে অধিক লাভ? PPF, সুকন্যা সমৃদ্ধি আঁচনি নে জ্যেষ্ঠ নাগৰিক আঁচনি

কোনখন চৰকাৰী আঁচনিয়ে দিয়ে অধিক লাভ? PPF, সুকন্যা সমৃদ্ধি আঁচনি নে জ্যেষ্ঠ নাগৰিক আঁচনি

7 hours ago
১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!

১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!

8 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

কোন ৰাশিৰ দিনটো হ’ব শুভ? জানক আপোনাৰ আজিৰ ভাগ্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

যদি শুনে মেঘালয়ৰ ৫৯ বছৰীয়া চিলভেষ্টাৰৰ এই কাহিনী

editor by editor
October 1, 2026
in উত্তৰ-পূব, বিবিধ, লেখা
0
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…
0
SHARES
31
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিক্ষা গ্ৰহণৰ কোনো নিৰ্দিষ্ট বয়স নাই। ইচ্ছা আৰু দৃঢ় সংকল্প থাকিলে জীৱনৰ যিকোনো সময়তে পুনৰ পঢ়া-শুনা আৰম্ভ কৰিব পাৰি। মেঘালয়ৰ ৫৯ বছৰীয়া চিলভেষ্টাৰ ছাডাপৰ কাহিনী ইয়াৰেই এক সুন্দৰ উদাহৰণ। মেঘালয়ৰ ৰি-ভৈয় জিলাৰ এখন সৰু গাঁও থাড্ৰং উমাংগামৰ বাসিন্দা চিলভেষ্টাৰ ছাডাপে ৩৭ বছৰৰ পিছত পুনৰ কিতাপ হাতত তুলি লৈছে। দৰিদ্ৰতা আৰু পাৰিবাৰিক দায়িত্বৰ বাবে যি পঢ়া-শুনা আধৰুৱা হৈ ৰৈ গৈছিল, এতিয়া সেই সপোন পূৰণৰ চেষ্টা কৰিছে তেওঁ।

অতি সাধাৰণ আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ পৰা অহা ছাডাপে সৰু বয়সতেই জীৱনৰ কঠিন বাস্তৱৰ সন্মুখীন হৈছিল। পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নাছিল আৰু বহু দায়িত্ব তেওঁৰ কান্ধত আহি পৰিছিল। ফলত স্কুলীয়া শিক্ষা আধাতে এৰিবলগীয়া হৈছিল। সেই সময়ত নিজৰ পঢ়া-শুনাতকৈ পৰিয়ালক সহায় কৰাটোৱেই তেওঁৰ বাবে অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছিল। ছাডাপে কয় যে আৰ্থিক সমস্যাৰ বাবেই তেওঁ পঢ়া-শুনা আগবঢ়াই নিব পৰা নাছিল। সময় পাৰ হৈ গ’ল যদিও তেওঁৰ মনত সদায় এটা আক্ষেপ আছিল—পঢ়া-শুনাৰ যাত্ৰাটো যেন আধৰুৱা হৈ থাকিল।

বৰ্তমান ৫৯ বছৰ বয়সত ছাডাপে সেই আধৰুৱা যাত্ৰা পুনৰ আৰম্ভ কৰিছে। প্ৰায় চাৰি দশকৰ পিছত তেওঁ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা, অৰ্থাৎ SSLC পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি চলাইছে। তেওঁৰ বাবে এয়া সহজ যাত্ৰা নহয়। ছাত্ৰ জীৱনৰ বহু বছৰ পাৰ হৈ গৈছে। ইয়াৰ মাজতে পাঠ্যক্ৰম সলনি হৈছে, নতুন নতুন বিষয় সংযোজন হৈছে আৰু শিক্ষাৰ পদ্ধতিও বহু পৰিমাণে সলনি হৈছে। তথাপি এই সকলো প্ৰত্যাহ্বানক নেওচি তেওঁ ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ বাবে নিয়মীয়াকৈ প্ৰস্তুতি চলাই আছে।

ছাডাপৰ এই শিক্ষাৰ যাত্ৰা সম্ভৱ হৈছে মেঘালয় চৰকাৰৰ ‘ছেকেণ্ড চান্স লাৰ্নিং প্ৰগ্ৰেম’ৰ জৰিয়তে। মেঘালয় চৰকাৰ, মেঘালয় ব’ৰ্ড অব স্কুল এডুকেচন (MBOSE) আৰু মেঘালয় প্ৰগ্ৰেম ফৰ এড’লেচেণ্ট ৱেলবিং, এম্পাৱাৰমেণ্ট এণ্ড ৰেজিলিয়েন্স (MPOWER)ৰ যৌথ উদ্যোগত এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে বিভিন্ন কাৰণত স্কুল এৰিবলগীয়া হোৱা লোকসকলক পুনৰ আনুষ্ঠানিক শিক্ষালৈ ঘূৰি অহাৰ সুযোগ দিয়া। এইবাৰ মেঘালয়ৰ দশম শ্ৰেণীৰ SSLC পৰীক্ষাৰ বাবে এনে মুঠ ৯,৭৬৭ গৰাকী শিক্ষাৰ্থীয়ে ব্যক্তিগত প্ৰাৰ্থী হিচাপে নাম পঞ্জীয়ন কৰিছে। তেওঁলোকৰ ভিতৰত ৫৯ বছৰীয়া চিলভেষ্টাৰ ছাডাপেই আটাইতকৈ বয়সীয়াল পৰীক্ষাৰ্থী।

চিলভেষ্টাৰ ছাডাপৰ বাবে এই যাত্ৰা কেৱল এখন মাৰ্কশ্বীট বা প্ৰমাণপত্ৰ লাভ কৰাৰ বাবে নহয়। বহু বছৰ আগতে আধৰুৱা হৈ ৰোৱা এটা সপোনক আকৌ এবাৰ জীয়াই তোলাৰ চেষ্টা এয়া। তেওঁৰ এই পদক্ষেপে এটা কথা স্পষ্ট কৰি দিয়ে—শিকিবলৈ ইচ্ছা থাকিলে বয়স কেতিয়াও বাধা হ’ব নোৱাৰে। জীৱনৰ পৰিস্থিতিৰ বাবে যিসকলে শিক্ষা আধাতে এৰিবলগীয়া হৈছিল, তেওঁলোকৰ বাবেও ছাডাপৰ কাহিনী এক অনুপ্ৰেৰণাৰ উৎস হৈ উঠিছে। ৫৯ বছৰ বয়সত পুনৰ কিতাপ হাতত তুলি তেওঁ যেন কৈছে—সপোন পূৰণৰ বাবে কেতিয়াও দেৰি নহয়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24meghalaya
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা
অসম

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

October 1, 2026
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ
অসম

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

October 1, 2026
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!
বাণিজ্য

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

October 1, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

October 1, 2026
Next Post
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.