বিগত সপ্তাহত অষ্ট্ৰেলিয়াৰ তিনিটা ছেটেলাইটে সূৰ্যৰ পৰিবৰ্তন লক্ষ্য কৰা কাম কৰিছে৷ ইয়াৰপাছতেই সেই ছেটেলাইটে দিয়া তথ্য অনুসৰি বৰ্তমান সূৰ্যৰ এক আগ্ৰাসী মনোভাৱ দেখা পাইছে পৰ্যবেক্ষণত৷ সূৰ্যৰ তাপমাত্ৰা পূৰ্বতকৈ বহু পৰিমানে বৃদ্ধি পাইছে৷ ইয়াৰ প্ৰভাৱ সমগ্ৰ পৃথিৱীৰ ওপৰতেই পৰিছে৷ প্ৰতিদিনেই ধীৰে ধীৰে সূৰ্যই নিজক আৰু সক্ৰিয় কৰিবলৈ চেষ্টা চলাই আছে৷ অৰ্থাৎ বিকিৰণ পূৰ্বতকৈ ধীৰে ধীৰে বৃদ্ধি পাব ধৰিছে৷
সূৰ্যৰ এই বাঢ়ি অহা বিকিৰণৰ প্ৰভাৱ সমগ্ৰ পৃথিৱীৰ ওপৰত পৰিব৷ দ্ৰুতভাৱে যদি সূৰ্যৰ তাপমাত্ৰা কমোৱাৰ ব্যৱস্থা কৰা নহয় তেন্তে অচিৰেই পৃথিৱী ধ্বংসৰ দিশে আগুৱাব৷ প্ৰকৃততে সূৰ্যৰ বাঢ়ি যোৱা তাপে বায়ুমণ্ডলতো প্ৰভাৱ বিস্তাৰ কৰিছে৷ ইয়াৰ ফলত এক চৌম্বকীয় ক্ষেত্ৰত তৈয়াৰ হ’ব৷ পৃথিৱীসহ যিমান গ্ৰহ সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে সকলোৱেই এই চৌম্বকীয় ক্ষেত্ৰৰ দ্বাৰা প্ৰভাৱিত হ’ব৷
সূৰ্যৰ এই বাঢ়ি যোৱা তাপমাত্ৰাই সৌৰমণ্ডলৰ তাপমাত্ৰাই বৃদ্ধি কৰিব তেনে নহয়৷ আগন্তুক ১০ বছৰত সূৰ্যৰ তাপমাত্ৰা আৰু অধিক বৃদ্ধি পাব৷ ফলত পৃথিৱীৰ বায়ুমণ্ডল যেনেকৈ প্ৰভাৱিত হ’ব তেনেকৈয়ে মানৱজাতিও বিশেষভাৱে ক্ষতিগ্ৰস্থ হ’ব বুলি বহুতেই ধাৰণা কৰিছে৷ বিগত ২ দশকত সূৰ্যৰ তাপমাত্ৰা বৃদ্ধিৰ ফলত পৃথিৱীৰ তাপমাত্ৰাও বাঢ়িছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ