• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

3 weeks ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

51 minutes ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

1 hour ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

10 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

11 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

11 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

12 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

12 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

13 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

13 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

14 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

14 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

কেনেকৈ, ক'ৰ পৰা নিয়ন্ত্ৰণ হয় এই বজাৰ?

editor by editor
September 16, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ
0
SHARES
283
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আইন কঠোৰ হ’লেও দেশত কমা নাই অনলাইন জুৱাৰ বেহা। অনলাইন জুৱাৰ বিৰুদ্ধে আইন কঠোৰ কৰাৰ পাছতো ভাৰতত এই অবৈধ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। বিভিন্ন প্ৰতিবেদন অনুসৰি, দেশত অনলাইন জুৱাৰ অবৈধ বজাৰ প্ৰায় ১০ লাখ কোটি টকা পৰ্যন্ত বিস্তৃত হৈছে। আইন-শৃংখলাৰ পৰা হাত সাৰিবলৈ বহু জুৱা প্লেটফৰ্মে নিজৰ কাৰ্যকলাপ বিদেশৰ পৰা চলাই থকা বুলি জানিব পৰা গৈছে। জুৱাৰ এই নেটৱৰ্ক চলাবলৈ মিউল বেংক একাউণ্ট, টেলিগ্ৰাম গ্ৰুপ, নতুন ডমেইন আৰু বিদেশী ছাৰ্ভাৰ আদি ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ এটা প্লেটফৰ্ম বন্ধ কৰি দিলেও নতুন নাম আৰু নতুন ডমেইনৰ জৰিয়তে পুনৰ একে ধৰণৰ সেৱা আৰম্ভ কৰাৰ চেষ্টা চলি আছে।

প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, ভাৰতত সক্ৰিয় ১৫টা অবৈধ অনলাইন জুৱা প্লেটফৰ্মত মুঠ ৫৪০ কোটিতকৈ অধিক ভিজিট পঞ্জীয়ন কৰা হৈছে। হিচাপ কৰিলে প্ৰতিদিনে গড়ে প্ৰায় ১.৪৮ কোটি বাৰ এই প্লেটফৰ্মসমূহত মানুহে প্ৰৱেশ কৰিছে। কেৱল সেয়াই নহয়, প্ৰায় ৮৫৪জন ইনফ্লুৱেঞ্চাৰকো জুৱা প্লেটফৰ্মৰ প্ৰচাৰত জড়িত থকা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই প্লেটফৰ্মসমূহৰ বিজ্ঞাপন আৰু প্ৰচাৰ কৰা হৈছে।

অনলাইন টকাৰ খেল আৰু জুৱা নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় সংসদে ২০২৫ চনত আইন প্ৰণয়ন কৰে। এই আইন ২০২৬ চনৰ ১ মে’ৰ পৰা কাৰ্যকৰী হৈছে। আইনখনৰ অধীনত কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰা জুৱাই নহয়, অনলাইনত টকাৰ সৈতে জড়িত দক্ষতাভিত্তিক খেল, জুৱাৰ প্ৰচাৰ আৰু ইয়াৰ বাবে পেমেণ্টৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিন্তু আইন কাৰ্যকৰী হোৱাৰ পাছতো ব্যক্তিগত মেছেজিং গ্ৰুপ, ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ, এজেণ্ট আৰু ছাৰোগেট বিজ্ঞাপনৰ জৰিয়তে বিদেশৰ পৰা চলোৱা জুৱা প্লেটফৰ্মলৈ ব্যৱহাৰকাৰীক লৈ যোৱাৰ চেষ্টা অব্যাহত থকাৰ কথা প্ৰতিবেদনত কোৱা হৈছে।

অনলাইন জুৱাৰ সমস্যা কেৱল ভাৰততে সীমাবদ্ধ নহয়। প্ৰতিবেদন অনুসৰি, বিশ্বজুৰি প্ৰায় ৮ কোটি প্ৰাপ্তবয়স্ক লোক জুৱাৰ আসক্তিৰ সৈতে যুঁজি আছে। ইয়াৰ প্ৰভাৱ কেৱল জুৱা খেলা ব্যক্তিজনৰ ওপৰতে নপৰে। এজন জুৱা খেলুৱৈৰ সৈতে গড়ে প্ৰায় ৬জন আন লোকো কোনো নহয় কোনো ধৰণে প্ৰভাৱিত হ’ব পাৰে। প্ৰতিবেদন অনুসৰি, প্ৰায় ৬০ শতাংশ ব্যৱহাৰকাৰীয়ে ধন হেৰুৱায়। ইয়াৰ ফলত পৰিয়ালৰ আৰ্থিক অৱস্থা, সন্তানৰ পঢ়া-শুনা আৰু চিকিৎসাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়তো নেতিবাচক প্ৰভাৱ পৰিব পাৰে। দীৰ্ঘদিনলৈ চলিলে ইয়াৰ প্ৰভাৱ পৰৱৰ্তী প্ৰজন্মলৈও বিয়পি পৰাৰ আশংকা থাকে।

অনলাইন টকাৰ খেলসমূহ এনেদৰে ডিজাইন কৰা হয় যে ব্যৱহাৰকাৰীয়ে বাৰে বাৰে খেলিবলৈ আগ্ৰহী হয়। প্ৰতিবেদন অনুসৰি, কিছুমান প্লেটফৰ্মত ভ্ৰান্তিকৰ ডিজাইন, আসক্তি বৃদ্ধি কৰিব পৰা এলগৰিদম, বট আৰু এজেণ্ট ব্যৱহাৰ কৰা হয়। এবাৰ জয়ী হ’লে ব্যৱহাৰকাৰীয়ে অধিক টকা জিকাৰ আশা কৰে। আনহাতে, ধন হেৰুৱালে সেই টকা ঘূৰাই পোৱাৰ আশাত পুনৰ আৰু অধিক টকা লগোৱাৰ চেষ্টা কৰে। এইদৰেই বহু লোক লাহে লাহে জুৱাৰ চক্ৰত সোমাই পৰে।

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে, জুৱাৰ সমস্যাৰ তিনিটা গুৰুত্বপূৰ্ণ লক্ষণ হৈছে—
১. নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা — কিমান সময় বা কিমান টকা জুৱাত ব্যৱহাৰ কৰিব, সেই নিয়ন্ত্ৰণ নথকা।
২. জুৱাক অধিক গুৰুত্ব দিয়া — দৈনন্দিন জীৱন, কাম-কাজ বা পৰিয়ালতকৈ জুৱাক অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰা।
৩. ক্ষতি হোৱাৰ পাছতো খেলি থকা — ধন, সময় বা পৰিয়ালৰ ক্ষতি হোৱা বুলি জানিও জুৱা বন্ধ কৰিব নোৱাৰা।
আইন কঠোৰ হোৱাৰ পাছতো নতুন নতুন ডমেইন, বিদেশী ছাৰ্ভাৰ, ছ’চিয়েল মিডিয়া আৰু ব্যক্তিগত মেছেজিং গ্ৰুপৰ জৰিয়তে অনলাইন জুৱাৰ নেটৱৰ্ক চলি থকাৰ অভিযোগে এই সমস্যাটো কিমান জটিল, সেয়া স্পষ্ট কৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Online Gambling
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ
ভাৰত

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

October 7, 2026
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

October 7, 2026
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
Next Post
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.