• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসাধাৰণ নিৰাপত্তা…২০ কিঃগ্ৰাঃ ‘ফুটবল’ কিয় লৈ ফুৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দেহৰক্ষীয়ে?

অসাধাৰণ নিৰাপত্তা…২০ কিঃগ্ৰাঃ ‘ফুটবল’ কিয় লৈ ফুৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দেহৰক্ষীয়ে?

2 years ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

7 minutes ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

22 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

23 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

1 day ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

1 day ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

1 day ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 day ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

2 days ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অসাধাৰণ নিৰাপত্তা…২০ কিঃগ্ৰাঃ ‘ফুটবল’ কিয় লৈ ফুৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দেহৰক্ষীয়ে?

অসাধাৰণ নিৰাপত্তা...২০ কিঃগ্ৰাঃ ‘ফুটবল’ কিয় লৈ ফুৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দেহৰক্ষীয়ে?

editor by editor
July 14, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
অসাধাৰণ নিৰাপত্তা…২০ কিঃগ্ৰাঃ ‘ফুটবল’ কিয় লৈ ফুৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দেহৰক্ষীয়ে?
0
SHARES
200
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগে আগে ৰাষ্ট্ৰপতি৷ তেওঁৰ পিছে পিছে কিছু দূৰত্বত যাত্ৰা কৰে দুজন দেহৰক্ষী৷ দুই দেহৰক্ষীয়েই ছ্যুট-বুট পিন্ধাৰ ওপৰিও হাতত থাকে ক’লা ৰঙৰ বেগ৷ হাতত থকা সেই ব্ৰীফকেচকেইটা খুব বেছি ডাঙৰো নহয়৷ এই ব্ৰীফকেচ কেইটাৰ ওজন প্ৰায় ২০ কিঃগ্ৰাঃ৷ ব্ৰীফকেচত সোনালী ৰঙৰ তলাও থাকে৷ বাইডেন বা ট্ৰাম্পেই নহয় আমেৰিকাৰ প্ৰতিজন প্ৰেছিডেণ্টৰ কাষে কাষেই দুগৰাকী দেহৰক্ষী আৰু দুটা ব্ৰীফকেচ থাকে৷ কিন্তু এই ব্ৰীফকেচত প্ৰকৃততে কি থাকে?

ব্ৰীফকেচ বহন কৰাৰ দায়িত্বত থাকে এজন সামৰিক কৰ্মী৷ এই ব্ৰীফকেচৰ নাম হৈছে নিউক্লিয়েৰ ফুটবল৷ আমেৰিকাৰ ৰাজনীতিত এই বিশেষ ফুটবলৰ বিশেষ তাৎপৰ্য আছে৷ খেলাধুলাৰ বাবে থকা সেই ফুটবলৰ সৈতে নিউক্লিয়াৰ ফুটবলৰ কিন্তু কোনো সম্পৰ্ক নাই৷ এই এটা এটা ব্ৰীফকেচৰ মাজত সোমাই আছে পৰমাণু আক্ৰমনৰ পৰা বচাৰ মন্ত্ৰ৷ সেই মন্ত্ৰই ৰাষ্ট্ৰপতিৰ কাষে কাষে লৈ ফুৰে দুই দেহৰক্ষীয়ে৷ কি কি সামগ্ৰী থাকে এই ফুটবলৰ ভিতৰত?

ফুটবলৰ ভিতৰত বেছি উপাদানো নাথাকে৷ মাত্ৰ ৪টা বিশেষ উপাদান থাকে এই ফুটবলৰ ভিতৰত৷ এখন ফাইল আৰু এখন কাৰ্ড৷ সেই দুই সামগ্ৰী লৈ কেনেকৈ পৰমাণু আক্ৰমণৰ পৰা ৰক্ষা পৰিব? নিউক্লিয়েৰ ফুটবলৰ প্ৰথম উপাদানটোৰ নাম হৈছে ‘দ্যা ব্লেক বুক’৷ ফুটবলৰ ভিতৰত থকা দ্বিতীয় উপাদান হৈছে এখন গ্ৰন্থ৷ সেইখনক ব্লেক বুক বুলি কোৱা হয়৷ এই ব্লেক বুকতেই আছে কিছু বিশেষ ঠিকনা৷ বিশ্বৰ সকলো স্থানৰ মেপ আছে আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ হাতত৷ তাৰপৰাই তেওঁ পলাই আহিব পৰাৰ বাবে কিছু ঠিকনা তাত লিখা থাকিব৷ নিউক্লিয়েৰ ফুটবলৰ ভিতৰত থকা এই ব্লেক বুকৰ দৈৰ্ঘ্য হৈছে ১২ ইঞ্চি, আৰু প্ৰস্থ ৯ ইঞ্চি৷ এই ব্লেক বুকত ৰঙা আখৰেৰে লিখা ৭৫খন পৃষ্ঠা আছে৷ ইয়াত লিখা থাকে কিছু নিৰাপদ ঠিকনা, জৰুৰী পৰিস্থিতিত ৰাষ্ট্ৰপতিয়ে আত্মগোপন কৰিব পৰা ঠাইৰ বৰ্ণনা৷ এই গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাই ক’লা ৰঙৰ৷

নিউক্লিয়াৰ ফুটবলৰ ভিতৰত থকা ফাইলৰ নাম হৈছে মেনিলা ফল্ডাৰ৷ ইয়াত ৮-১০ খন খোলা পৃষ্ঠা পিন মাৰি থোৱা থাকে৷ আপৎকালীন সতৰ্কতা ব্যৱস্থা( ইমাৰজেন্সি এলাৰ্ট চিষ্টেম) ব্যৱহাৰৰ বৰ্ণনা লিখা থাকে৷ ইয়াৰোপৰি প্ৰেছিডেণ্টৰ দেহৰক্ষীয়ে লৈ ফুৰা ফুটবলত এখন বিশেষ কাৰ্ড থাকে৷এ ই কাৰ্ডৰ দৈৰ্ঘ্য ৫ ইঞ্চি প্ৰস্থ ৩ ইঞ্চি৷ এই কাৰ্ডত বিভিন্ন অথেণ্টিকেছন কোড লিখা থাকে৷ আমেৰিকান প্ৰেছিডেণ্টে যদি পৰমানু অস্ত্ৰ ব্যৱহাৰৰ সিদ্ধান্ত লয় তেন্তে একমাত্ৰ তেওঁৰ নিৰ্দেশতহে সেই ব্ৰিফকেচ খোলা হ’ব৷ ইয়াৰোপৰি সতৰ্কবাণী লাভ কৰিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়েও৷ মন্ত্ৰণালয়ে অন্যান্য লোকসকলৰ সৈতে আলোচনা কৰি আক্ৰমণৰ কি কি সুযোগ আছে সকলো তথ্য বিশ্লেষণ কৰি চাব৷ তাৰপাছতেই দেশৰ সামৰিক বাহিনীৰ সৈতে যোগাযোগ কৰি প্ৰয়োজনীয় নিৰ্দেশ প্ৰেছিডেণ্টক দিব৷

তাৰপিছতেই দেশৰ সামৰিক বাহিনীৰ সৈতে যোগাযোগ কৰি প্ৰয়োজনীয় নিৰ্দেশ দিব প্ৰেছিডেণ্টে৷ নিশ্চিদ্ৰ নিৰাপত্তাৰ মাজত এই সমগ্ৰ প্ৰক্ৰিয়াৰ আলোচনা চলিব৷ আমেৰিকাৰ সামৰিক বাহিনীয়ে পৰমানৱিক আক্ৰমণৰ নিৰ্দেশ পোৱাৰ পাছতেই নিৰ্দেশদাতা সঁচাকৈয়ে প্ৰেছিডেণ্ট হয়নে তাৰ পৰীক্ষা কৰিব প্ৰতিৰক্ষা মন্ত্ৰণালয়ে৷ এই ব্ৰীফকেচৰ ভিতৰতেই বিস্কুট নামৰ এবিধ প্লাষ্টিকৰ কাৰ্ডো থাকে৷ এই সংকেতৰ মাধ্যমেৰে প্ৰেছিডেণ্টৰ পৰিচয় ঠিক কৰে আমেৰিকাৰ সেনাই৷

পাৰমাণৱিক অস্ত্ৰ চলোৱাৰ নিৰ্দেশ অকল ৰাষ্ট্ৰপতিয়েহে দিব পাৰে৷ সেয়ে পাৰমানৱিক অস্ত্ৰ ব্যৱহাৰৰ নিৰ্দেশ কেনেবাকৈ দিলেও সেয়া প্ৰকৃততে ৰাষ্ট্ৰপ্ৰধানে দিছেনে তাৰ পৰীক্ষা কৰা হয়৷ আমেৰিকাৰ আইন অনুযায়ী প্ৰেছিডেণ্টৰ হাততেই পাৰমানৱিক আক্ৰমণৰ সৰ্বোচ্ছ ক্ষমতা থাকে৷ আমেৰিকাৰ ৬টা সশস্ত্ৰবাহিনীৰ প্ৰতিটো শাখাৰ পৰা এজনকৈ পাল পাতি সকলোৱে নিউক্লিয়েৰ ফুটবল কঢ়িয়াই৷ এই বহনকাৰী সলনি হৈ থাকে৷ কেতিয়া কোনে দায়িত্ব লাভ কৰিব সেয়া আগতীয়াকৈ জনোৱা নহয়৷ আমেৰিকাৰ প্ৰতিৰক্ষা ব্যৱস্থাত নিউক্লিয়াৰ ফুটবলৰ সংখ্যা এটা নহয়৷ এই ধৰণৰ তিনিটা ব্ৰীফকেচ আছে৷ এটা ব্ৰীফকেচ থাকে প্ৰেছিডেণ্টৰ লগত আনটো থাকে উপৰাষ্ট্ৰপতিৰ সৈতে৷ উপ ৰাষ্ট্ৰপতিৰ সৈতে থাকিলও উপৰাষ্ট্ৰপতিয়ে কেতিয়াও কিন্তু কোনো নিউক্লিয়েৰ এটেকৰ নিৰ্দেশ দিব নোৱাৰে৷

উপ ৰাষ্ট্ৰপতিক ব্ৰীফকেচ দিয়াৰ কাৰণ হৈছে কোনো কাৰণত যদি ৰাষ্ট্ৰপতিয়ে নিৰ্দেশ দিবলৈ অপাৰগ হয় তেন্তে ভাইছ প্ৰেছিডেণ্টৰ হাতলৈ সেই ক্ষমতা স্থানান্তৰ হয়৷ ইয়াৰোপৰি তৃতীয়টো ফুটবল থাকে আমেৰিকাৰ প্ৰশাসনিক দফতৰ হোৱাইট হাউছ৷ ফুটবলৰ ভিতৰত থকা কাৰ্ডত যি সংকেত লিখা থাকে সেই সংকেত একমাত্ৰ প্ৰেছিডেণ্টেই জানে৷ সেই বিষয়ে কাকো জনোৱা নহয়৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পাছত প্ৰেছিডেণ্ট সলনি হ’লে নিজে নিজেই পূৰ্বৰ সংকেত নিষ্ক্ৰিয় হৈ যায়৷ নতুন প্ৰেছিডেণ্টৰ বাবে আকৌ নতুন সংকেত সক্ৰিয় কৰে৷ পাৰমানৱিক বোমা সচৰাচৰ ব্যৱহাৰ নহয় যদিও কোনো কাৰণত ব্যৱহাৰ কৰিব লগা হ’লেও যাতে কোনো খেলিমেলিৰ সৃষ্টি নহয় তাৰবাবে সদায়ে সজাগ হৈ থাকে আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
জীৱনশৈলী

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

February 5, 2026
Next Post
মোৰ জীৱন সলনি হৈ গ’ল…! আম্বানীৰ পুত্ৰৰ বিয়াত আহি কিয় জীৱন সলনি হৈ গ’ল জন ছিনাৰ?

মোৰ জীৱন সলনি হৈ গ’ল...! আম্বানীৰ পুত্ৰৰ বিয়াত আহি কিয় জীৱন সলনি হৈ গ’ল জন ছিনাৰ?

আকৌ বিৰোধী উপদলপতি হ’ল গৌৰৱ গগৈ, গৌৰৱক কি পদৱীত থকাটো আপুনি আশা কৰিছিল?

আকৌ বিৰোধী উপদলপতি হ’ল গৌৰৱ গগৈ, গৌৰৱক কি পদৱীত থকাটো আপুনি আশা কৰিছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.