সংগীতপ্ৰেমীৰ বাবে আজি এক বিশেষ দিন। বিশ্বৰ অন্যতম জনপ্ৰিয় ৰক বেণ্ড Guns N’ Rosesৰ সংগীতানুষ্ঠানক কেন্দ্ৰ কৰি আজি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে গুৱাহাটী মহানগৰীত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই জনপ্ৰিয় ৰক বেণ্ডটোৰ সংগীতৰ তালে তালে মতলীয়া হ’বলৈ সাজু হৈছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অসংখ্য সংগীতপ্ৰেমী।
বিশেষকৈ ৰক সংগীতৰ অনুৰাগীসকলৰ বাবে এই অনুষ্ঠান এক স্মৰণীয় অভিজ্ঞতা হৈ পৰাৰ সম্ভাৱনা আছে। বিশ্বৰ বিভিন্ন প্ৰান্তত লাখ লাখ অনুৰাগী থকা Guns N’ Rosesৰ সংগীতানুষ্ঠান গুৱাহাটীত অনুষ্ঠিত হোৱাটো অসমৰ সাংস্কৃতিক আৰু সংগীত জগতৰ বাবেও এক উল্লেখযোগ্য ঘটনা।
উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে অনুষ্ঠান
উল্লেখযোগ্য যে, ২০২৬ চনৰ ভাৰত ভ্ৰমণৰ অংশ হিচাপে Guns N’ Roses-এ ১৪ নৱেম্বৰত বেংগালুৰুত সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ পিছত আজি গুৱাহাটীত উপস্থিত হৈছে। এই অনুষ্ঠানটোৰ জৰিয়তে প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত সংগীত পৰিৱেশন কৰিব বিশ্ববিখ্যাত বেণ্ডটোৱে। সেয়েহে এই অনুষ্ঠানক লৈ কেৱল অসমতে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে।
খানাপাৰাত অনুষ্ঠিত হ’ব সংগীতানুষ্ঠান
গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব এই বহু প্ৰতীক্ষিত সংগীতানুষ্ঠান। আজি ১৭ নৱেম্বৰত সন্ধিয়া ৪ বজাৰ পৰা অনুষ্ঠানস্থলীত দৰ্শকৰ প্ৰৱেশ আৰম্ভ হ’ব। প্ৰায় ছঘণ্টীয়া এই সংগীতানুষ্ঠানত প্ৰথমে ভাৰতৰ জনপ্ৰিয় ৰক বেণ্ড Parikrama-ই সংগীত পৰিৱেশন কৰিব। তাৰ পিছতে মঞ্চত উপস্থিত হ’ব বিশ্ববিখ্যাত Guns N’ Roses। নিশা ১০ বজালৈ অনুষ্ঠান চলাৰ কথা।
কোন কোন শিল্পীক দেখা যাব মঞ্চত?
Guns N’ Rosesৰ অন্যতম আকৰ্ষণ হৈছে বেণ্ডটোৰ মুখ্য কণ্ঠশিল্পী Axl Rose আৰু বিশ্ববিখ্যাত গীটাৰিষ্ট Slash। ইয়াৰ লগতে Duff McKagan, Dizzy Reed, Richard Fortus, Melissa Reese আৰু Isaac Carpenter-এও অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
বেণ্ডটোৰ ‘Sweet Child O’ Mine’, ‘November Rain’, ‘Welcome to the Jungle’ আৰু ‘Paradise City’ৰ দৰে জনপ্ৰিয় গীতসমূহ শুনিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে অনুৰাগীসকলে।
সংগীতানুষ্ঠানক লৈ যান-বাহন চলাচলত বিশেষ ব্যৱস্থা
অনুষ্ঠানস্থলীত বৃহৎ সংখ্যক লোকৰ সমাগমৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী যান-বাহন আৰক্ষীয়ে বিশেষ যান-বাহন নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ১৭ নৱেম্বৰত দিনৰ ২ বজাৰ পৰা কেইবাটাও পথত যান-বাহন চলাচল নিয়ন্ত্ৰণ কৰা হ’ব। বিয়লি ৩ বজাৰ পৰা জি এছ ৰোডৰ নিৰ্দিষ্ট অংশত বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহন আৰু লেহেমীয়া বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
আনহাতে, দৰ্শকৰ বাবে কৃষি ভৱন, জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলামন্দিৰ, অসম চুক্তি ক্ষেত্ৰ আৰু পশু চিকিৎসা মহাবিদ্যালয় চৌহদকে ধৰি কেইবাটাও স্থানত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। যান-বাহনৰ ভিৰৰ পৰা হাত সাৰিবলৈ আৰক্ষীয়ে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈও আহ্বান জনাইছে।
অসমৰ পৰ্যটন আৰু অৰ্থনীতিৰ বাবেও বিশেষ সুযোগ
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এনে সংগীতানুষ্ঠানে কেৱল সংগীতপ্ৰেমীসকলক মনোৰঞ্জন দিয়াই নহয়, ৰাজ্যখনৰ পৰ্যটন আৰু অৰ্থনৈতিক ক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে অসমৰ বাহিৰৰ পৰাও বহু সংগীতপ্ৰেমী গুৱাহাটীলৈ আহিছে। ইয়াৰ ফলত হোটেল, ৰেষ্টুৰেণ্ট, পৰিবহণ আৰু অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহতো ব্যস্ততা বৃদ্ধি পাইছে।
সামগ্ৰিকভাৱে, আজি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া Guns N’ Rosesৰ এই সংগীতানুষ্ঠান অসমৰ সংগীত জগতৰ ইতিহাসত এক উল্লেখযোগ্য সংযোজন হিচাপে বিবেচিত হ’ব। বিশ্বৰ ৰক সংগীতৰ অনুৰাগীসকলৰ বাবে এই অনুষ্ঠান কেৱল এটা কনচাৰ্ট নহয়, বৰং উত্তৰ-পূৰ্বাঞ্চলতে বিশ্বমানৰ সংগীত উপভোগ কৰাৰ এক বিৰল সুযোগ। এতিয়া সকলোৰে অপেক্ষা মাথোঁ খানাপাৰাৰ মঞ্চত Axl Rose আৰু Slashৰ যাদুকৰী সংগীতৰ।
(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















