• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

1 month ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

14 minutes ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

34 minutes ago
‘হত শৈশৱ’

‘হত শৈশৱ’

2 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

4 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

4 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

6 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

7 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

7 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

8 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কাৰ ভাবুকি ভৰা Email?

editor by editor
August 14, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি
0
SHARES
195
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দিল্লী উচ্চ ন্যায়ালয়লৈ বো*মা বি*স্ফোৰণৰ ভাবুকিৰে অহা ই-মেইলক কেন্দ্ৰ কৰি ৰাজধানী দিল্লীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শুকুৰবাৰে উচ্চ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰাৰ জেনেৰেললৈ এটা ভাবুকিপূৰ্ণ ই-মেইল অহাৰ পিছতে নিৰাপত্তা সংস্থাসমূহ সতৰ্ক হৈ পৰে। ঘটনাৰ গুৰুত্ব বিবেচনা কৰি আদালত চৌহদত তৎকালীনভাৱে নিৰাপত্তা অভিযান আৰম্ভ কৰা হয়।

প্ৰকাশিত তথ্য অনুসৰি, দিল্লী হাই ক’ৰ্টৰ ৰেজিষ্ট্ৰাৰ জেনেৰেললৈ অহা ই-মেইলত আদালত চৌহদত বোমা বিস্ফোৰণ কৰাৰ ভাবুকি দিয়া হৈছিল। ই-মেইলটো লাভ কৰাৰ পিছতে বিষয়টো তৎকালীনভাৱে দিল্লী আৰক্ষীক অৱগত কৰা হয়। ইয়াৰ পিছতে আৰক্ষী আৰু নিৰাপত্তা সংস্থাই নিৰ্ধাৰিত সুৰক্ষা প্ৰট’কল অনুসৰি অভিযান আৰম্ভ কৰে।
কিছু প্ৰতিবেদন অনুসৰি, ই-মেইলটোত দিল্লী হাই ক’ৰ্টত স্বাধীনতা দিৱসৰ দিনা বি*স্ফোৰণ হোৱাৰ ভাবুকি দিয়া হৈছে। ইয়াৰ পিছত দিল্লীৰ একাংশ আদালততো বি*স্ফোৰণৰ ভাবুকি দিয়াৰ কথা ই-মেইলটোত উল্লেখ আছিল।

ভাবুকিৰ খবৰ লাভ কৰাৰ পিছতে সম্ভাব্য বিপদৰ আশংকাৰে আদালত চৌহদত ব্যাপক নিৰাপত্তা তালাচী আৰম্ভ কৰা হয়। বো*মা নিষ্ক্ৰিয়কৰণ দল আৰু প্ৰশিক্ষিত স্নিফাৰ ডগেৰে চৌহদৰ বিভিন্ন স্থান পৰীক্ষা কৰা হয়। হাই ক’ৰ্টৰ ভিতৰ-বাহিৰৰ নিৰাপত্তা ব্যৱস্থাও পুনৰীক্ষণ কৰা হয়। দিল্লী হাই ক’ৰ্ট বাৰ এছ’চিয়েচনৰ যুটীয়া সচিব কুণাল মালহোত্ৰাই ভাবুকিটো ভুৱা হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰি কয় যে-সকলো সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণত আছে।

ইফালে, শুকুৰবাৰে দিল্লী হাই ক’ৰ্টৰ লগতে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল-৩ আৰু ৰাজধানীৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী স্থানলৈও বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ তথ্য প্ৰকাশ পাইছে। জামনগৰ হাউছ, ঝাণ্ডেৱালান ফ্লেটেড ফেক্টৰী কমপ্লেক্স, ছাকেটৰ জিলা দণ্ডাধীশ কাৰ্যালয় আৰু দিল্লী কেণ্টৰ SDM কাৰ্যালয়ৰ নামো ভাবুকিৰ সৈতে জড়িত বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইয়াৰ ফলত ৰাজধানীৰ নিৰাপত্তা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰা হৈছে। স্বাধীনতা দিৱস উপলক্ষে ইতিমধ্যে দিল্লীত ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। তাৰ মাজতে একাধিক স্থানলৈ অহা এনে ভাবুকিয়ে নিৰাপত্তা সংস্থাসমূহৰ উদ্বেগ বৃদ্ধি কৰিছে।

নিৰাপত্তা সংস্থাসমূহে সংশ্লিষ্ট স্থানসমূহত ব্যাপক তালাচী চলোৱাৰ পাছতো এতিয়ালৈকে কোনো সন্দেহজনক বস্তু বা বি*স্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা নাই। অৱশ্যে আৰক্ষী আৰু নিৰাপত্তা সংস্থাই বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত অব্যাহত ৰাখিছে। স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজধানীৰ অতি স্পৰ্শকাতৰ স্থানসমূহলৈ অহা এই ভাবুকিৰ আঁৰত কোন আছে, ই-মেইলটো ক’ৰ পৰা প্ৰেৰণ কৰা হৈছিল আৰু উদ্দেশ্য কি আছিল—এই সকলো দিশ তদন্তকাৰী সংস্থাই পৰীক্ষা কৰি আছে। বৰ্তমানলৈ কোনো নিৰ্দিষ্ট ব্যক্তি বা সংগঠনক এই ঘটনাৰ বাবে দায়ী কৰা হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bomb Threats
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…
বিনোদন

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
দ্য  ইনভিজিবল  মেন
সমীক্ষণ (আলোচনী)

দ্য ইনভিজিবল মেন

September 27, 2026
Next Post
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ'ব ভাগ্য

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.