আজিকালি মানুহে ভাল ছালৰ বাবে হাজাৰ হাজাৰ টকা খৰচ কৰে। প্ৰসাধন সামগ্ৰী আৰু সৌন্দৰ্য্য চিকিৎসাৰ বজাৰ দিনক দিনে বৃদ্ধি পাইছে। ছ’চিয়েল মিডিয়াত মানুহে চেলিব্ৰিটিৰ ছালৰ যত্নৰ ৰুটিন পৰ্যবেক্ষণ আৰু অনুসৰণ কৰে। অৱশ্যে চেলিব্ৰিটি পুষ্টিবিদ ছোনিয়া নাৰঙে পৰামৰ্শ দিছে যে, যদি আপুনি আপোনাৰ ছালৰ বাবে বিশেষ একো কৰিব নোৱাৰে তেন্তে কেৱল হালধি অন্তৰ্ভুক্ত কৰক।
আয়ুৰ্বেদত হালধিক সোণৰ লগত তুলনা কৰা হয়। ই প্ৰদাহ আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। গতিকে ইয়াক সেৱনে ব্ৰণ কমোৱাত সহায় কৰে, ছালৰ জিলিকনি বৃদ্ধি কৰে। বহুতে টেনিং, পিগমেণ্টেচন, আৰু দাগ পৰাৰ বাবেও ফেচ পেকত হালধি ব্যৱহাৰ কৰে। অৱশ্যে সাৱধানে ব্যৱহাৰ কৰাটো জৰুৰী। সংবেদনশীল ছালৰ লোকৰ বাবে হালধিৰ ফলত খজুৱতি, ৰঙা পৰা, জ্বলা-পোৰা বা ফোহা ওলাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













