কৃষ্ণ জন্মাষ্টমী উৎসৱ খুব আড়ম্বৰপূৰ্ণভাৱে পালিত হয়৷ কেৱল ভাৰততেই নহয় বিশ্বজুৰি এই উৎসৱ পালিত হ’ব৷ এই দিনটোক শ্ৰী কৃষ্ণৰ জন্মদিন বুলি ধৰা হয়৷ ২০২৪ চনৰ জন্মাষ্টমী নানান দিশৰ পৰা বিশেষ হ’ব৷ ইয়াৰ আঁৰত থকা সকলোতকৈ ডাঙৰ কাৰণ হৈছে সময়৷ এই জন্মাষ্টমীত, দ্বাপৰ যুগত শ্ৰী কৃষ্ণৰ জন্মৰ সময়ত যি যোগ গঠিত হৈছিল সেই একেই যুগ এইবাৰ তৈয়াৰ হৈছে এই সময়ত৷ এই জন্মাষ্টমীত দ্বাপৰ যুগত শ্ৰী কৃষ্ণৰ জন্মৰ সময়ত যি সমূহ যোগ গঠিত হৈছিল সেই একেই যোগ এইবাৰো তৈয়াৰ হৈছে৷ সেয়ে জন্মাষ্টমী উপলক্ষে এইবাৰ কৃষ্ণৰ আৰাধনা কৰা খুবেই উপকাৰী৷
জন্মাষ্টমী কেতিয়া?
ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত শ্ৰী কৃষ্ণ জন্মাষ্টমী পালিত হয়৷ এইবাৰ ভাদপ্ৰদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথি ২৬ আগষ্ট বিয়লী ৩.৪০ মিনিটত আৰম্ভ হৈ শেষ হ’ব ২৭ আগষ্টৰ বিয়লী ২ বাজি ২০ মিনিটত৷
পুজাৰ সময় কেতিয়া?
ৰাখীৰ দৰে জন্মাষ্টমীতো তিথি আৰু যোগৰ বিশেষ গুৰুত্ব আছে৷ এইবাৰ জন্মাষ্টমী পূজাৰ সময় ২৭ আগষ্ট পুৱা ১১ বাজি ৫৯ মিনিটৰ পৰা আৰম্ভ কৰি চলিব দুপৰীয়া ১২ বাজি ৪৩ মিনিট পৰ্যন্ত৷ এইবাৰ পূজাৰ মুঠ সময়কাল হ’ব ৪৪ মিনিট৷ ৰোহিনী নক্ষত্ৰ ২৬ আগষ্ট বিয়লি ৩ বাজি ৫৫ মিনিটৰ পৰা আৰম্ভ হৈ ২৭ আগষ্টৰ বিয়লি ৩.৩৮ মিনিট পৰ্যন্ত চলিব৷
কি ধৰণৰ কাকতালীয় ঘটনা ঘটিছে?
এইবাৰ বিশেষ বিষয় হৈছে এইবাৰ জন্মাষ্টমীত সেই একেই কাকতালীয় ঘটনা ঘটিছে যি দ্বাপৰ যুগত এই পৃথিৱীত নন্দলালৰ জন্মৰ সময়ত ঘটিছিল৷ ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত ৰোহিনী নক্ষত্ৰত নিশা ১২ বজাত ভগৱান শ্ৰী কৃষ্ণই জন্মগ্ৰহণ কৰিছিল৷ ইয়াৰোপৰি সূৰ্যই সিংহ ৰাশিত আৰু চন্দ্ৰই বৃষ ৰাশিত আছে৷ শ্ৰীকৃষ্ণৰ জন্মৰ সময়তো একে স্থানতেই আছিল চন্দ্ৰ আৰু সূৰ্য৷ এইবাৰ হৰ্ষণ যোগ আৰু জয়ন্ত যোগো ২৬ আগষ্ট ২০২৪ ত গঠিত হৈছে, যিয়ে নিৰ্দেশ কৰে যে এই জন্মাষ্টমীত কৃষ্ণৰ পূজা কৰিলে আপোনাৰ ইচ্ছা পূৰণ হ’ব আৰু আপুনি বহু উপকাৰো পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ