মাজ নিশা ৩ টা কৈ ভূমিকম্পই জোকাৰি গ’ল অসমৰ কিছু অংশ, ডাঙৰ ভূমিকম্প অহাৰ সংকেট নেকি
মাজ নিশা তিনিটাকৈ ভুমিকম্পই জোকাৰি যায় অসমৰ লগতে ইয়াৰ কাষৰীয়া ঠাই। ডাঙৰ ভূমিকম্প অহাৰ সংকেট নেকি এই তিনিটা ভূমিকম্প। তিনিওটা ভুমিকম্পৰ কেন্দ্ৰস্থল অৱশ্যে অসম নহয়। কিন্তু তিনিওটাৰে কম্পন অনুভুত হয় অসমত।
প্ৰথমে ৪.১ ৰিখটাৰ স্কেলৰ ভূমিকম্প আহে বাংলাদেশত। দ্বিতীয়তে ৩.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্প আহে মেঘালয়ত। তৃতীয়তে ২.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্প আহে অসম-ভূটান সীমান্তত। যদিও এই তিনিওটাৰে অভিকেন্দ্ৰ অসম নহয়, তথাপি তিনিওটাৰে কম্পন অনুভুত হয় নামনি অসমৰ অঞ্চলত।
বাংলাদেশৰ অভিকেন্দ্ৰ হোৱা ভূমিকম্পটো সমতলৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত আছিল। নিশা ১২ বাজি ১৩ মিনিট ২৫ ছেকেণ্ডত আহিছিল এই ভূমিকম্প।
মেঘালয়ত অভিকেন্দ্ৰ হোৱা ভূমিকম্পটো সমতলৰ পৰা ৫ কিলোমিটাৰ গভীৰতাত আছিল। নিশা ১২ বাজি ২৮ মিনিট ২৯ ছেকেণ্ডত আহিছিল এই ভূমিকম্প।
ভুটান সীমান্তত অহা তৃতীয়টো ভূমিকম্পৰ অভিকেন্দ্ৰ সমতলৰ পৰা ১১ কিলোমিটাৰ গভীৰতাত আছিল। নিশা ১২ বাজি ৪৬ মিনিট ৮ ছেকেণ্ডত আহিছিল এই ভূমিকম্প।
উল্লেখ্য যে, তিনিওটা ভূমিকম্পৰ সময়ৰ ব্যৱধান মাথো কেইমিনিটমানৰ। যাৰ বাবে কিছু চিন্তা তথা শংকা ব্যক্ত কৰিছে ভূ-কম্পন বিভাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ