জীৱন মানেই নানান জটিলতাৰ মাজেৰে আগুৱাই যোৱা৷ কাৰোবাৰ যদি কামৰ চাপ, কাৰোবাৰ আকৌ ব্যক্তিগত জীৱনক লৈ চিন্তা৷ কাৰোবাৰ আকৌ চিফ্টিং ডিউটি৷ যাৰ বাবে টোপনিত খেলিমেলি হয় বহুজনৰ৷ কিন্তু জানেনে লেথাৰিকৈ তিনি নিশা যদি পৰ্যাপ্ত টোপনি নহয় তেন্তে কি কি মাৰাত্মক ক্ষতি হয় হাৰ্টৰ? গৱেষণাই কয় এদিনত এজন ব্যক্তিক ৮ ঘণ্টা টোপনিৰ প্ৰয়োজন৷ এই টোপনিৰ পৰিমাণ যদি কমি ৪ঘণ্টা হয় তেন্তে ভয়ংকৰ বিপদ৷ তিনিনিশা যদি এজন ব্যক্তিয়ে গড়ে ৪ঘণ্টাকৈহে শুৱে তেন্তে হাৰ্টৰ সমস্যাৰ সম্ভাৱনা বাঢ়ি যায়৷
এই বিষয়ক লৈ ১৬ জন ব্যক্তিৰ মাজত বিশেষ গৱেষণা কৰা হৈছে৷ ১৬জনৰ ভিতৰত ৮জনে এদিনত ৮ঘণ্টাকৈ শুৱে৷ অন্য ৮জনে এদিনত ৩-৪ ঘণ্টা শুৱে৷ দুই দলকেই পুৱা ৱাৰ্কআউট কৰোৱা হৈছে৷ ৱাৰ্কআউটৰ পূৰ্বে তেওঁলোকৰ তেজ পৰীক্ষা কৰা হৈছে৷ সেই পৰীক্ষাত ৯০ধৰণৰ পৃথক প্ৰটিন পোৱা গৈছে তেজত৷ টোপনিৰ অভাৱ যিসকলৰ সৈতে তেওঁলোকৰ হৃদৰোগৰ সৈতে সম্পৰ্কিত কেইবাটাও লক্ষণ ধৰা পৰিছে৷ যত ব্যায়ামে শৰীৰত স্বাস্থ্যকৰ প্ৰটিনৰ মাত্ৰা বঢ়ায় এই ক্ষেত্ৰত টোপনিৰ অভাৱত যিসকলে ভূগিছে তেওঁলোকে ৱাৰ্কআউট কৰি আৰু দুৰ্বল হৈ পৰাহে ধৰা পৰিছে৷ সেয়ে গৱেষকে কৈছে যে টোপনিয়েই এজন ব্যক্তিৰ সুস্থ জীৱনৰ মূল চাবিকাঠি৷ সুস্থ থকাৰ বাবে সৃজনশীলতা বঢ়াবৰ বাবে টোপনিৰ অত্যন্ত প্ৰয়োজন আছে৷ পৰিস্থিতি যেনেকুৱাই নহওক কিয় দিনত অন্তত ৮ঘণ্টাকৈ শুবলৈ যত্ন কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















