ঘৰখনেই স্বৰ্গ৷ ঘৰখনৰ পৰাই আৰম্ভ হয় জীৱনৰ আদিপাঠ৷ গতিকে সুন্দৰকৈ গঢ়ি তুলিব লাগে নিজৰ ঘৰখন৷ এখন ঘৰ সুন্দৰকৈ গঢ়ি তুলিবলৈ হ’লে কেৱল বাহ্যিক সুন্দৰতাৰ ওপৰত গুৰুত্ব দিলেই নহ’ব কিছু বিশেষ আভ্যন্তৰীণ দিশৰ ওপৰত গুৰুত্ব দিয়া অতি প্ৰয়োজনীয়৷ বিশেষকৈ শিশুৰ ক্ষেত্ৰত এইসমূহ দিশ বিশেষভাৱে গুৰুত্বপূৰ্ণ৷ এখন ঘৰৰ সুখ-সমৃদ্ধি বহুপৰিমানে নিৰ্ভৰ কৰে ঘৰটোৰ অৱস্থিতিৰ ওপৰত৷ বাস্তুশাস্ত্ৰ অনুসৰি ঘৰখন গঢ়ি তুলিব লাগে৷ বাস্তু অনুসৰি কিদৰে নিৰ্মাণ কৰিব শিশু ৰখা কোঠা—
- শিশুৰ শোৱনি কোঠা বা শিশু ৰখা কোঠা ঘৰৰ নৈঋত কোণত হ’ব লাগে৷ ঘৰটোৰ দক্ষিণ-পশ্চিম কোণত দক্ষিণমুখীকৈহে নিৰ্মাণ কৰিব লাগে শিশুৰ কোঠা৷ ইয়াৰ বাহিৰে নৈঋত কোন শিশুৰ বাবে অনুপযোক্ত৷
- শিশুৰ বাবে ঘৰৰ উত্তৰ, পূব, ঈশান, অগ্নি আৰু বায়ু কোণ শুভ বুলি মনা হয়৷
- শোৱাৰ সময়ত শিশুটিৰ মূৰ দক্ষিণ বা পশ্চিম দিশে ৰাখিব লাগে৷
- ঘৰৰ পশ্চিম দিশ সৃজনীশীলতাৰ দিশ৷ এই দিশ শিশুৰ বাবে অতি উপযোগী৷ সেয়ে ঘৰৰ পশ্চিম দিশৰ বেৰত যদি শিশুৰ ছবি ৰাখে তেন্তে শিশুৰ শক্তি আৰু সৌভাগ্য সুপ্ৰসন্ন হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ