কোনোৱে যাদু নাইবা কোনো তন্ত্ৰ-মন্ত্ৰ কৰি থৈছে নেকি আপোনাৰ ওপৰত, কেনেকৈ পাব ৰেহাই? উপায় অতি সহজ…
আপুনি নিশ্চয় শুনিছে যে মানুহে নিজৰ বিৰোধী আৰু অপছন্দৰ মানুহৰ ঘৰত বা লোকৰ ওপৰত যাদু কৰে নাইবা কেতিয়াবা তন্ত্ৰ-মন্ত্ৰ কৰে। কোৱা হয় যে ইয়াৰ ফলত সেই ব্যক্তিজনৰ জীৱনত ধাৰাবাহিকভাৱে কেতিয়াও শেষ নহ’বলগীয়া সমস্যাৰ সৃষ্টি হয়।
সেই ব্যক্তিজনৰ ওপৰত বিভিন্ন ধৰণৰ অসুবিধা আহিবলৈ আৰম্ভ কৰে। আটাইতকৈ ডাঙৰ প্ৰভাৱ তেওঁৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত। তেওঁ উদ্বিগ্নতা, হতাশা আৰু বিভ্ৰান্তিৰ বলি হয়। ঘৰৰ মানুহবোৰ অসুস্থ হৈ পৰে, বিসংগতি আৰম্ভ হয়, ধনৰ ক্ষতি ইত্যাদি।
যদি আপোনাৰ জীৱনতো এনেকুৱা কিছুমান সমস্যা আছে, ভয় বা চিন্তা নকৰিব। ইয়াৰ সহজ সমাধান আছে। নিয়ম অনুসাৰে অনুসৰণ কৰি এই সকলোবোৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে।
ঘৰত স্থান দিয়ক ভগৱান শ্ৰীৰামক । অৰ্থাৎ ঘৰত ৰামৰ মুৰ্তি বা ফটো প্ৰতিষ্ঠা কৰিব লাগে। এনে কৰিলে ৰামৰ পৰম ভক্ত হনুমানে নিজেই আপোনাৰ ঘৰলৈ আহিব। হনুমান স্বয়ং আপোনাৰ ঘৰৰ ৰক্ষক হৈ পৰিব।
হিন্দু ধৰ্মৰ মতে ভগৱান শ্ৰীৰাম য’তেই থাকে তাতেই তেওঁৰ ভক্ত হনুমানে ৰামৰ সেৱা কৰিবলৈ সদায় সাজু। য’ত হনুমানে বাস কৰে তাত কোনো যাদু বা তন্ত্ৰ-মন্ত্ৰ থাকিব নোৱাৰে। তুলসীদাসে ৰামচৰিতমানসতো লিখিছে:
ভূত প্ৰেত পিশাচাদি আহিব নোৱাৰে।
মহাবীৰ তযু নাম সেই সদা ত্মৰে॥ ২৪
ৰোগ নাশ কৰা তুমি সৰ্বপীড়া হৰ।
মহাবীৰ তযু নাম স্মৰে নিৰন্তৰ॥ ২৫
সঙ্কটত হনুমানে ৰক্ষা কৰি যায়।
হনুৰ চৰণে ভক্তি ৰাখিব সদায়॥
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ