অসম লাইভ২৪ঃ ১২ এপ্ৰিল ২০২৪ শুকুৰবাৰে চন্দ্ৰই বৃষ ৰাশিত দিনজুৰি বিৰাজ কৰিব। পঞ্জিকা অনুসৰি কাইলৈ চ’ত মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথি। ইয়াৰোপৰি কাইলৈ পালিত হ’ব নীল ষষ্ঠী। সন্তানৰ মঙ্গল কামনা কৰি এই দিনটোত উপবাসে থাকে বহুতে। ইয়াৰোপৰি কাইলৈ পালিত হ’ব চ’ত নৱৰাত্ৰিৰ চতুৰ্থী। কাইলৈ পূজা কৰা হ’ব দেৱী কুশ্মাণ্ডাৰ।
কেইবাটাও শুভ যোগৰ সৃষ্টি হ’ব। এই শুভ যোগসমূহ হ’ল সৌভাগ্য যোগ, শোভন যোগ আৰু ৰবি যোগ। ইয়াৰ ফলত কাইলৈ শুকুৰবাৰে থাকিব ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈ দিনটোৰ গুৰুত্ব বিশেষভাৱে বৃদ্ধি পাইছে। জ্যোতিষ অনুসৰি শুকুৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন। ইয়াৰ সৈতে চ’ত নৱৰাত্ৰি চলি থকাৰ সময়ত দেৱী দুৰ্গাৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ।
জ্য়োতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণে কাইলৈ দিনটো বেছ লাভজনক হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। শুকুৰবাৰে জ্য়োতিষ গণনা অনুসৰি সৌভাগ্য লাভ হ’ব ৫ৰাশিৰ জাতকৰ।
মিথুন ৰাশি
জ্য়োতিষ গণনা অনুসৰি শুকুৰবাৰে ভাগ্য়ৰ বিপুল সমৰ্থন পাব মিথুন ৰাশিৰ জাতকে। নিজৰ নিজৰ পেছাত সাফল্য লাভৰ সম্ভাৱনা আছে মিথুন ৰাশিৰ জাতকৰ। কোনো বিশেষ মানুহৰ সৈতে কাইলৈ পৰিচিত হ’ব আপুনি। এই আলাপ আপোনাৰ বাবে ভৱিষ্যতে মঙ্গলময় হ’ব। কাইলৈ মোটা টকা লাভ কৰিব পাৰে। সাংসৰিক সকলো দায়িত্ব ভাল ভাৱেই পালন কৰিব মিথুন ৰাশিৰ জাতকে।
তুলা ৰাশি
শত্ৰুৱে বিপদত পেলোৱাৰ পৰিকল্পনা কৰি থাকিলে বিফল হ’ব। জীৱনত সুখ শান্তি থাকিব। কাইলৈ শহুৰৰ ঘৰৰ দিশৰ পৰা আৰ্থিকভাৱে লাভৱান হোৱাৰ যোগ আছে। কাইলৈ মা দূৰ্গাৰ কৃপাত খ্যাতি আৰু জনপ্ৰিয়তা বাঢ়িব তুলা ৰাশিৰ জাতকৰ। বুদ্ধি খটুৱাই সিদ্ধান্ত ল’লে লাভৱান হ’ব।
ধনু ৰাশি
কাইলৈ সৌভাগ্য যোগত দাম্পত্য় জীৱনত প্ৰেম আৰু সুখৰ নতুন পথ খুলিব ধনু ৰাশিৰ জাতকৰ চৰকাৰী চাকৰিৰ সৈয়ে যুক্তসকল লাভৱান হ’ব। নিজস্ব কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে। পৰিয়ালৰ সৈতে সুখৰ সময় কটাব ধনু ৰাশিৰ জাতকে। সংগীৰ প্ৰতি আপোনাৰ বিশ্বাস আৰু ভৰসা বাঢ়িব। পিতৃৰ স্বাস্থ্যক লৈ আপুনি কিছু চিন্তিত থাকিব।
মকৰ ৰাশি
কাইলৈ শুকুৰবাৰে আপুনি যি কামতেই হাত নিদিয়ক কিয় লক্ষ্মীৰ আশীৰ্বাদত সাফল্য় লাভ কৰিব। কাইলৈ সন্ধিয়া পৰিয়ালৰ সদস্যসকলৰ পৰা চাৰপ্ৰাইজ উপহাৰ পাব পাৰে। সমাজত সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব মকৰ ৰাশিৰ জাতকে। সামাজিক কামতো আপোনাৰ উদ্যোগত প্ৰশংসা পাব।
মীন ৰাশি
১২ এপ্রিল ২০২৪ শোভন যোগত অফিচত উন্নতি কৰাৰ যোগ আছে মীন ৰাশিৰ জাতকৰ। বহু দিন ধৰি বেংক লোনৰ বাবে চেষ্টা কৰিলে কাইলৈ সফল হ’ব। অপ্ৰয়োজনীয় খৰচ এৰাই চলিবলৈ চেষ্টা কৰক। যোগ প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকিব। সন্ধিয়া ভাল সময় কটাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ