পাক নিষিদ্ধ সংগঠনে ধৰি নিছিল এইগৰাকী অভিনেত্ৰীৰ পিতৃক, ৭ দিনলৈ নাছিল কোনো খবৰ
ভাৰত আৰু পাকিস্তানৰ সীমান্তত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ সময়ত বলীউডৰ বহু তাৰকা আগবাঢ়ি আহি ভাৰতীয় সেনাৰ মনোবল বৃদ্ধি কৰিছে। তাৰে মাজতে এগৰাকী অভিনেত্ৰীৰ এক পোষ্টে সকলোকৰে দৃষ্টি কাঢ়িছে। পোষ্টটোক কোৱা অনুসৰি অভিনেত্ৰীগৰাকীৰ পিতৃক পাক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি নিছিল। ৭ দিনৰ বাবে নাছিল কোনো খা-খবৰ।
সেই অভিনেত্ৰীগৰাকী হৈছে নিম্ৰত কৌৰ। নিম্ৰতৰ পিতৃক হিজবুল মুজাহিদিনে অপৰহ কৰি নি ৭ দিনৰ পাছত হত্যা কৰিছিল।
পিতৃৰ ফটো শ্বেয়াৰ কৰি নিম্ৰত কৌৰে লিখিছে যে তেওঁৰ পিতৃ সেনাবাহিনীত আছিল আৰু যি দেশৰ বাবে শ্বহীদ হৈছে। নিম্ৰতৰ পিতৃ ভাৰতীয় সেনাত মেজৰ হিচাপে আছিল, নাম মেজৰ ভূপেন্দ্ৰ সিং। কাশ্মীৰত পোষ্টিং আছিল তেখেতৰ আৰু পৰিয়াল আছিল পাটিয়ালাত।
এক পুৰণি সাক্ষাৎকাৰত নিম্ৰত কৌৰে পিতৃৰ মৃত্যুৰ বিষয়ে সদৰি কৰিছিল৷ এই ঘটনা ১৯৯৪ চনৰ, শীতকালীন ছুটী কটাবলৈ মাতৃৰ সৈতে পিতৃৰ কৰ্মস্থলী কাশ্মীৰলৈ গৈছিল নিম্ৰত। কিন্তু কাশ্মীৰত উপস্থিত হোৱাৰ সময়তে হিজবুল মুজাহিদিনে কৰ্মস্থলীৰ পৰাই অপহৰণ কৰি নিছিল পিতৃক৷
বিনিময়ত ভাৰত চৰকাৰত কাৰাগাৰত বন্দী হৈ থকা কোনো সন্ত্ৰাসবাদীত মুকলি কৰি দিয়াৰ দাবী তুলিছিল৷ কিন্তু ভাৰত চৰকাৰে সেই দাবী মানি নোলোৱাত মুজাহিদীনে ৭ দিনৰ পাছত নিম্ৰতৰ পিতৃ মেজৰ ভূপেন্দ্ৰ সিঙক হত্যা কৰি মৃতদেহ পঠিয়াই দিছিল৷
চৰকাৰে মেজৰৰ মৃতদেহ পোনে পোনে দিল্লীলৈ আনিছিল৷ সেই দিল্লীতেই পিতৃক শেষ বাৰৰ বাবে দেখা পাইছিল নিম্ৰতে৷ সেই নিম্ৰতে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি ভাৰত চৰকাৰৰ সমৰ্থনত৷
পাকিস্তানৰ সন্ত্ৰাসবাদী নিৰ্মূলৰ ভাৰত চৰকাৰৰ পদক্ষেপত সম্পূৰ্ণ সমৰ্থন কৰিছে নিম্ৰত কৌৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















