অসম লাইভ ২৪ঃ চলন্ত বাছত অগ্নিসংযোগ হৈ মৃত্যু ১২ টি শিশুসহ প্ৰায় ৪৫জন গৰাকী ব্যক্তিৰ৷ এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হৈছে সোমবাৰে৷ অগ্নিসংযোগৰ কাৰণ নিশ্চিত নহয় যদিও অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ধ্বংস হৈছে যাত্ৰীবাহী বাছখন৷ প্ৰশাসনৰ পৰা লাভ কৰা তথ্য অনুসৰি কেৱল ৭ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে যদিও বৰ্তমান অৱস্থা সংকটজনক৷ দুৰ্ঘটনা সংঘটিত হৈছে বুলগেৰিয়াত৷ তথ্য অনুসৰি বাছখনত থকা আটাইকেইগৰাকী লোকেই আছিল পৰ্যটক৷ ধ্বংসপ্ৰাপ্ত বাছখনৰ লগতে পুৰি ছাই হয় শিশুসহ লোকসকল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ