• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

3 months ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

25 minutes ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

1 hour ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

2 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

2 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

3 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

3 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

4 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

4 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

5 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

7 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

আমাৰ মানসিকতাবোৰ সলনি হ'ব কেতিয়া?

editor by editor
June 23, 2026
in অপৰাধ, জীৱনশৈলী, বিবিধ, ভাৰত, সমীক্ষণ (আলোচনী), স্বাস্থ্য
0
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?
0
SHARES
173
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
জয়পুৰৰ মালব্য নগৰ অঞ্চলত অৱস্থিত গৌৰৱ টাৱাৰৰ ওচৰৰ এটা ব্যস্ত ৰাজপথত এগৰাকী যুৱতীয়ে হঠাতে নিজৰ কাপোৰ খুলি ৰাস্তাৰ মাজতে এক অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি কৰে। এই ঘটনাই স্থানীয় লোকসকলক হতবাক কৰি তোলে। প্ৰায় এঘণ্টা ধৰি যুৱতীগৰাকীয়ে তেনে আচৰণ কৰি থকাৰ পিছত এসময়ত আৰক্ষীয়ে আটক কৰি লৈ যায় আৰু স্বাস্থ্য পৰীক্ষা কৰি মুকলি কৰি দিয়ে। আৰক্ষীৰ ভাষ্য অনুসৰি সোমবাৰে ভাইৰেল হোৱা এই ঘটনা সংঘটিত হৈছিল প্ৰায় এসপ্তাহ আগত। লক্ষণীয়ভাৱে এটা ব্যস্ত ৰাজপথত এঘণ্টাতকৈ অধিক সময় এগৰাকী যুৱতীয়ে উ*লংগ অৱস্থাত অস্বাভাৱিক আচৰণ কৰি থকাৰ পিছতো তাত উপস্থিত লোকসকলে যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ বিপৰীতে কেৱল দূৰৰ পৰা চাইহে থাকিল আৰু কোনোৱে আগবাঢ়ি গৈ যুৱতীগৰাকীক নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ চেষ্টা কৰা দেখা নগ’ল। বিপৰীতে যুৱতীগৰাকীৰ এই আপত্তিজনক মুহূৰ্তটো মোবাইলৰ কেমেৰাত বন্দী কৰি ভাইৰেল কৰিলে ছ’চিয়েল মিডিয়াত

জয়পুৰৰ ভাইৰেল ঘটনাৰ প্ৰকৃততে দোষী কোন?

জয়পুৰৰ ৰাজপথত সংঘটিত হোৱা উক্ত ঘটনাক বহুতেই যুৱতীগৰাকীৰ ‘অশ্লীল আচৰণ’ কৰা হিচাপেই দেখিছে। কিন্তু এই ঘটনাটোৰ আন এটা দিশো আমি বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে, যিটো হয়তো আমি হয়টো সাধাৰণতে আলোচনা নকৰোঁ। যুৱতীগৰাকীয়ে কি পৰ্যায়ত বা কি অৱস্থাত তেনে ঘটনা সংঘটিত কৰিলে তাক বিশ্লেষণ কৰাৰ নিত্যান্তই প্ৰয়োজন, কিয়নো কোনো যুৱতীয়েই হওক বা যুৱকেই হওক সুস্থ মানসিক অৱস্থাত তেনে কাণ্ড সংঘটিত কৰাৰ সাহস নকৰে।
ভিডিঅ’ত দেখা পোৱা যুৱতীগৰাকী নিচাগ্ৰস্ত আছিল নেকি নে কোনো মানসিক চাপ, বিভ্ৰান্তি বা স্বাস্থ্যজনিত সমস্যাৰে আক্ৰান্ত হৈছিল সেই দিশটোও পৰীক্ষা কৰাৰ প্ৰয়োজন আছিল। যুৱতীগৰাকীয়ে যি কাণ্ড যিটো পৰিস্থিতিতেই সংঘটিত নকৰক কিয় তাতোকৈ ঘৃণনীয় কাণ্ডটো সংঘটিত কৰিলে উক্ত দৃশ্যটো নিৰ্লজ্জভাৱে চাই থকা উপস্থিত লোকসকলে আৰু তাতোকৈ নিৰ্লজ্জ কাম কৰিলে সেই আপত্তিজনক দৃশ্য মোবাইলত আবদ্ধ কৰা লোকসকলে। এগৰাকী যুৱতীৰ শৰীৰটোক মনোৰঞ্জনৰ দৃষ্টিৰে চোৱা এই যি নীচ মানসিকতাৰ পৰিৱৰ্তন কেতিয়া হ’ব? কেৱল জয়পুৰৰ ঘটনাই নহয়, আমাৰ দেশত দৈনিক সংঘটিত হৈ আছে অনুৰূপ ঘটনা। জয়পুৰৰ ঘটনাটোৱে এগৰাকী যুৱতীৰ মানসিক স্থিতিতকৈও তাত উপস্থিত লোকসকলৰ ৰুগীয়া মানসিক স্থিতিটোকহে বেছিকৈ উদঙাই দিছে। সমান্তৰালভাৱে আমাৰ সমাজৰ ডিজিটেল অসংবেদনশীলতা আৰু মানৱীয় মূল্যবোধৰ সংকটৰ দিশটোকো উন্মোচন কৰিছে।
জানিব পৰা মতে যুৱতীগৰাকী আছিল হিমাচল প্ৰদেশৰ বাসিন্দা। কেইজনমান বন্ধুৰ সৈতে জয়পুৰলৈ ফুৰিবলৈ গৈছিল যুৱতীগৰাকী। জয়পুৰ আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি যুৱতীগৰাকীয়ে অত্যধিক সুৰাপান কৰিছিল। অত্যধিক সুৰাপান কৰাৰ ফলত মানসিক স্বাস্থ্যৰ অৱনতি ঘটিছিল যুৱতীগৰাকীৰ। নিঃসন্দেহে হিমাচল প্ৰদেশৰ পৰা লগত লৈ যোৱা বন্ধুকেইজনৰ সৈতেই সুৰাপান কৰিছিল যুৱতীগৰাকীয়ে। এইখিনিতে প্ৰশ্ন আহে, বন্ধুকেইজনৰ লগত সুৰাপান কৰাৰ পিছত যুৱতীগৰাকীৰ তেনে অৱস্থাত তেওঁলোকে অকলে কিয় এৰি দিলে? এখন অন্য ৰাজ্যৰ পৰা ফুৰিবলৈ গৈ এখন অচিনাকী ঠাইত সুৰাপান কৰোৱাই যুৱতীগৰাকীক তেনে পৰিস্থিতিত এৰি দিয়া ‘বন্ধু’কেইজনৰ দায়িত্ববোধ নাছিল নেকি?
জয়পুৰৰ ভাইৰেল ঘটনাত জনতাৰ কাঠগৰাত যুৱতীগৰাকীকেই দোষী সাব্যস্ত কৰা হৈছে। কিন্তু এই ঘটনাৰ প্ৰকৃত দোষী কোন? যুৱতীগৰাকীৰ লগত ফুৰিবলৈ গৈ সুৰাপান কৰা তথাকথিত সেই ‘বন্ধু’কেইজন, যিয়ে যুৱতীগৰাকীক সেই অৱস্থাত এৰি দিছিল তেওঁলোকে যদি প্ৰথমতেই যুৱতীগৰাকীক নিয়ন্ত্ৰণ কৰিলেহেঁতেন তেতিয়া এই ঘটনা সংঘটিত হ’লহেঁতেন নে? মালব্য নগৰত ঘটনাটো সংঘটিৰ সময়ত চাই থকা সেই লোকসকল, মোবাইল কেমেৰাত সেই আপত্তিজনক দৃশ্যবোৰ আবদ্ধ কৰি ভাইৰেল কৰাসকল? এনেধৰণৰ লোকসকল জনতাৰ কাঠগৰাত যেতিয়ালৈ দোষী সাব্যস্ত নহ’ব তেতিয়ালৈ আমাৰ সমাজৰ সংস্কাৰ কেতিয়াও নহয়।
এই লেখাটো যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

October 6, 2026
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?
অসম

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

October 6, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

October 6, 2026
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!
জীৱনশৈলী

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

October 6, 2026
Next Post
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.