শোকাৱহ, বিদ্যালয়ত খেলি থাকোতেই পানী টেংকিত পৰি ৩ ছাত্ৰী নিহত
মঙলবাৰে পুৱা প্ৰায় ১১ মান বজাত এত অতিকে শোকাৱহ ঘটনা সংঘটিত হয়। এখন চৰকাৰী বিদ্যালয়ত খেলি থাকোতেই ৩ ছাত্ৰী নিহত। খেলি থাকোতে পানী টেংকিত পৰি নিহত হয় ছাত্ৰী ৩ গৰাকী।
এই শোকাৱহ ঘটনাটো সংঘটিত হয় ৰাজস্থানৰ বিকানেৰৰ নোখাৰ এখন চৰকাৰী বিদ্যালয়ত। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, খেলি থকা অৱস্থাত তিনিগৰাকী কনমানি ছাত্ৰী পানীৰ টেংকিত পৰি যায়। লগে লগে ওচৰতে খেলি থকা অন্য ছাত্ৰ-ছাত্ৰীয়ে বিষয়টো শিক্ষকক অৱগত কৰে।
বহু কষ্টৰ অন্তত তিনিওকে সেই পানী টেংকীৰ পৰা উলিয়াই আনে। ততাতৈয়াকৈ তিনিয়ো ছাত্ৰীকে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
নিহত তিনিওগৰাকী ছাত্ৰীৰে বয়স ৮ বছৰ। আনহাতে পানী টেংকিটোত প্ৰায় ১৫ ফুট পৰ্যন্ত পানী ভৰোৱা আছিল, য’ত পৰিয়ে মৃত্যু হয় তিনিও ছাত্ৰীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ