চেম্পিয়নছ ট্ৰফীত ভাৰতীয় খেলুৱৈলৈ সুখবৰ BCCIৰ, চৰ্ত সাপেক্ষে পাব বিশেষ সুবিধা
চেম্পিয়নছ ট্ৰফীৰ সময়ত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক বৃহৎ পৰিৱৰ্তন সাধন কৰিছে। যোৱা মাহত জাৰি কৰা কঠোৰ নিয়ম শিথিল কৰি বিচিচিআইয়ে খেলুৱৈসকলক পৰিয়ালৰ সৈতে ডুবাইত থাকিবলৈ অনুমতি দিছে।
কিন্তু এই অনুমতি কিছুমান চৰ্ত সাপেক্ষেহে দিয়া হৈছে, যাতে খেলুৱৈসকলে পৰিয়ালৰ সৈতে সময় কটোৱাৰ কিছু নিৰ্দিষ্ট সুযোগ পায়, লগতে যাতে খেলুৱৈৰ পেছাদাৰী কামত কোনো ধৰণৰ ব্যাঘাত নজন্মে।
বিচিচিআইয়ে পূৰ্বে ঘোষণা কৰিছিল যে গোটেই ভ্ৰমণৰ সময়ছোৱাত পৰিয়ালৰ সদস্যসকল খেলুৱৈসকলৰ সৈতে থাকিব নোৱাৰিব। ৪৫ দিনতকৈ অধিক সময়ৰ ছিৰিজৰ সময়ত পৰিয়ালৰ এজন সদস্যকহে দুসপ্তাহৰ বাবে খেলুৱৈৰ সৈতে থাকিবলৈ দিয়া হ’ব।
কিন্তু এতিয়া বিচিচিআইয়ে সিদ্ধান্ত লৈছে যে চেম্পিয়নছ ট্ৰফীৰ সময়ত খেলুৱৈসকলে নিজৰ পৰিয়ালৰ কোনো সদস্যক এখন মেচৰ বাবে ডুবাইলৈ মাতিব পাৰিব।
দল পৰিচালনাৰ এজন জ্যেষ্ঠ সদস্যৰ মতে, এতিয়া খেলুৱৈসকলে নিজেই সিদ্ধান্ত লোৱাৰ অধিকাৰ লাভ কৰিব যে কোনখন মেচৰ সময়ত তেওঁলোকে নিজৰ পৰিয়ালৰ সদস্যক লগত মাতিব বিচাৰে।
ইয়াৰ বাবে খেলুৱৈসকলে দল পৰিচালনাৰ ওচৰত এখন তালিকা দাখিল কৰিব লাগিব, য’ত কোনজন খেলুৱৈয়ে নিজৰ পৰিয়ালৰ সদস্যক কোনখন মেচৰ বাবে লগত নিব বিচাৰে সেই বিষয়ে উল্লেখ কৰা হ’ব।
এই নিয়মত সকাহ দিয়াৰ সময়তে বিচিচিআইয়ে স্পষ্ট কৰি দিছে যে এই সুবিধা কেৱল এখন মেচৰ বাবেহে উপলব্ধ হ’ব। এই সিদ্ধান্তৰ আঁৰৰ কাৰণ হ’ল ব্যস্ততাৰ মাজতো খেলুৱৈসকলে পৰিয়ালৰ সৈতে কিছু সময় কটোৱাৰ সুযোগ পাব লাগে যাতে মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিব পাৰে।
এই সিদ্ধান্তই নিশ্চিতভাৱে খেলুৱৈসকলক কিছু সকাহ দিব যদিও প্ৰতিযোগিতাৰ সময়ত তেওঁলোকৰ মনোযোগ সম্পূৰ্ণৰূপে খেলৰ ওপৰত থকাটোও নিশ্চিত কৰিছে বিচিচিআইয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ