ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা, দ’ খাৱৈত ট্ৰাক বাগৰি প্ৰাণ হেৰুৱালে ৪জনে
ধুবুৰী জিলাত সংঘটিত হৈছে এক অতিকে মৰ্মান্তিক দুৰ্ঘটনা। এখন ইটা ভৰ্তি ট্ৰাক পানী ভৰ্তি দ’ খাৱৈত বাগৰি প্ৰাণ হেৰুৱাই ৪ জন লোকে। আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰে আন দুজন লোকৰ।
ধুবুৰীৰ চাপৰৰ শ্ৰী গ্ৰাম ষষ্ঠ খণ্ডৰ মছকাগুৰি গাঁৱত সংঘটিত হৈছে এই অঘটন। কালি নিশাৰ ভাগত সংঘটিক হোৱা এই দুৰ্ঘটনাৰ কাৰণ হিচাপে জানিব পৰা মতে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে ইটাভৰ্তি ট্ৰাকখন।
নিউ সৰল ইটাভাটাৰ পৰা ইটাভৰ্তি কৰি আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ সময়ত ট্ৰাকখনত চালকসহ মুঠ ছয়জনকৈ লোক আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে কোনোমতে দুজন লোক ট্ৰাক খনৰ পৰা বাহিৰ ওলাই আহিবলৈ সক্ষম হয়, যদিও আন ৪ জন লোক পানীৰ মাজত আৱদ্ধ হৈ পৰে।
ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে হুৱাদুৱা লাগি যায় সমগ্ৰ অঞ্চল। স্থানীয় লোকে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও কালি অন্ধকাৰত উদ্ধাৰ কৰিব নোৱাৰে ৪ জন লোকক। কাৰণ সম্পূৰ্ণ ৰূপে পানীত ডুব যায় ট্ৰাকখন।
আজি পুৱাও স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখে। যাৰ ফলত আজিহে মৃত অৱস্থাত উদ্ধাৰ হয় আন ৪ জন লোকৰ নিথৰ দেহ।
এই দুৰ্ঘটনাৰ সৌভাগ্য ক্ৰমে প্ৰাণ ৰক্ষা পৰা লোক দুজন হৈছে- সমিৰ বৰ্মন আৰু মমেন বৰ্মন। আনহাতে প্ৰাণ হেৰুওৱা লোক কেইগৰাকী হৈছে ট্ৰাক খনৰ চালক ৰিজু অভয়াপুৰী, বিশা বৰ্মন, লবেন বৰ্মন আৰু বিকাশ বৰ্মন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















