আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা সংঘাতৰ অন্ত পেলাই দুয়োখন দেশৰ মাজত বুজাবুজি স্থাপন কৰাৰ বাবে ড’নাল্ড ট্ৰাম্প প্ৰশাসনে এটা গোপন যোগাযোগ ব্যৱস্থা গঢ়ি তুলিছিল। এই বেকচেনেলৰ কথা আগতে ৰাজহুৱাভাৱে প্ৰকাশ পোৱা নাছিল। মে’ মাহৰ মাজভাগত আমেৰিকাৰ আলোচনাপন্থীসকলে উপলব্ধি কৰিবলৈ আৰম্ভ কৰে যে ইৰানৰ চৰকাৰী আলোচনাপন্থীসকলৰ হাতত ইৰানৰ শক্তিশালী সামৰিক সংগঠন ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ বা IRGCৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ নাথাকিবও পাৰে। সেয়ে আমেৰিকাই কেৱল ইৰান চৰকাৰৰ সৈতে আলোচনা কৰাই নহয়, IRGCৰ নেতৃত্বৰ সৈতেও প্ৰত্যক্ষ যোগাযোগ স্থাপনৰ চেষ্টা চলায়।
এই গোপন যোগাযোগৰ বাবে আমেৰিকাই ইৰাকৰ কুৰ্দিস্তান অঞ্চলৰ ৰাষ্ট্ৰপতি নেচিৰভান বাৰ্জানীক মধ্যস্থতাকাৰী হিচাপে বাছি লয়। ইয়াৰ এটা ডাঙৰ কাৰণ আছিল—বাৰ্জানীৰ আমেৰিকা আৰু ইৰান দুয়োখন দেশৰ সৈতে ভাল সম্পৰ্ক আছে। তদুপৰি তেহৰাণৰ বহু জ্যেষ্ঠ বিষয়াৰ সৈতে তেওঁৰ পুৰণি ব্যক্তিগত সম্পৰ্ক আছে।

ইৰান-ইৰাক যুদ্ধৰ সময়ত বাৰ্জানীয়ে ইৰানত বাস কৰিছিল আৰু তেহৰাণ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ পাৰ্চী ভাষাও ভালদৰে জানে। সেয়েহে ইৰানৰ সৈতে সংবেদনশীল যোগাযোগৰ ক্ষেত্ৰত তেওঁক উপযুক্ত ব্যক্তি হিচাপে গণ্য কৰা হৈছিল।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মে’ৰ আৰম্ভণিতে তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক তুলসী গাবাৰ্ডে নেচিৰভান বাৰ্জানীৰ সৈতে ফোনযোগে কথা পাতিছিল।

এই যোগাযোগ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ অনুমোদন সাপেক্ষে কৰা হৈছিল বুলি খবৰ প্ৰকাশ পাইছে। গাবাৰ্ডে বাৰ্জানীক জনায় ইৰানৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফ আৰু বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে আলোচনা কৰি থকা সম্ভাব্য চুক্তিখনৰ সৈতে IRGC একমত নেকি। নে IRGCৰ নিজা কিছুমান পৃথক দাবী আছে? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ বাৰ্জানীয়ে IRGCৰ চোৰাংচোৱা সূত্ৰৰ সৈতে কথা পাতে আৰু তাৰ পিছত IRGCৰ জেনেৰেল আহমদ ৱাহিদীৰ সৈতে প্ৰত্যক্ষভাৱে কথা পতাৰ ব্যৱস্থা কৰে।
১৪ মে’ত আৰবিলত বাৰ্জানীৰ কাৰ্যালয়ত IRGCৰ এজন বিষয়াই উপস্থিত হৈ এনক্ৰিপ্ট কৰা ফোনৰ জৰিয়তে নিৰাপদ যোগাযোগৰ ব্যৱস্থা কৰে। এই কথোপকথনত বাৰ্জানীয়ে জেনেৰেল আহমদ ৱাহিদীক সোধে—IRGC ইৰানৰ আলোচনাপন্থীসকলৰ সৈতে আছে নেকি? বাতৰি অনুসৰি, ৱাহিদীয়ে ইয়াৰ উত্তৰত আলোচনাক সম্পূৰ্ণ সমৰ্থন কৰা বুলি জনায়। তেওঁ লগতে কয় যে IRGCয়েও সামৰিক সংঘাতৰ পৰিৱৰ্তে আলোচনাৰ জৰিয়তে সংকটৰ সমাধান বিচাৰে। এই তথ্য লাভ কৰাৰ পিছত বাৰ্জানীয়ে আমেৰিকাৰ বিষয়াসকলক ইৰানৰ ভিতৰৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে।
ইয়াৰ পিছতে আমেৰিকাই ইৰাকৰ কুৰ্দিস্তানৰ ৰাজধানী আৰবিলত আমেৰিকা আৰু ইৰানৰ বিষয়াসকলৰ মাজত এখন গোপন বৈঠক অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়ে। বাৰ্জানীয়ে এই বাৰ্তা ইৰানৰ ওচৰলৈ প্ৰেৰণ কৰে। কিন্তু শেষ মুহূৰ্তত নিৰাপত্তাজনিত কাৰণত বৈঠকখন আগ নাবাঢ়িল। ইৰানৰ পক্ষই আশংকা কৰিছিল যে ইৰাকৰ কুৰ্দিস্তান অঞ্চলত ইজৰাইলৰ চোৰাংচোৱা সংস্থাৰ শক্তিশালী নেটৱৰ্ক আছে। এনে পৰিস্থিতিত ইৰানৰ কোনো জ্যেষ্ঠ বিষয়াই আৰবিলত উপস্থিত হ’লে তেওঁলোক ইজৰাইলৰ লক্ষ্য হৈ পৰিব পাৰে বুলি আশংকা কৰা হৈছিল।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















