২০২৫ জুলাই, জাপানীছ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, সকলো সঁচা প্ৰমাণিত, আৰু কি কি আছে তালিকাত
জাপানীছ বাবা ভাংগা বুলি খ্যাত জাপানৰ এগৰাকী ভৱিষ্যদ্বাণী কৰোতা ৰ’ টাছুকি (Ryo Tatsuki)ৰ বহু কেইটা ভৱিষ্যদ্বাণী সঁচা হৈছে। কেৱল কোৱা কথাই নহয়, টাছুকিয়ে ১৯৯৯ চনত প্ৰকাশ পোৱা এখন বিশেষ কিতাপ। মই দেখা ভবিষ্যৎ (The Future I Saw) নামৰ কিতাপ খনত লিখি থৈ যোৱা বহু কেইটা ভবিষ্যতৰ কথা। যাৰ ভিতৰত এতিয়ালৈকে বহু কেইটাই সঁচা প্ৰমাণিত হৈছে।
এই টাছুকিয়ে কোৱা কভিড ভাইৰাছ, ইংলেণ্ডৰ ৰাজকুমাৰী, বহু কেইটা ভূমিকম্প আদিৰ কথা সঁচা প্ৰমাণিত হৈছে। ২০১১ চনৰ ভূমিকম্প আৰু ছুনামীয়ো সঁচা প্ৰমাণিত হৈছে
সেই জাপানীছ বাব ভাংগা তথা টাছুকীয়েও কিতাপত লিখি থৈ গৈছিল ২০২৫ চনৰ জুলাইত ডাঙৰ ভূমিকম্প আৰু ছুনামীৰ কথা। যি আজি সঁচাকৈয়ে প্ৰমাণিত হয়। কাৰণ আজি জুলাই মাহৰ ৩০ তাৰিখ আৰু আজিৰ দিনটোতে ৰাছিয়াত আছিছে ৮.৮ ৰিখটাৰ স্কেলৰ এক ভয়ংকৰ ভূমিকম্প।
এই ভূমিকম্প ইমানেই ভয়ংকৰ যে, এতিয়া ৰাছিয়াৰ লগতে আমেৰিকাৰ পৰা জাপানলৈ মুঠ ১২ দেশত ভয়ংকৰ ছুনামীৰ আশংকা। ইতিমধ্যে ছুনামীয়ে টোকৰ মাৰিছে ৰাছিয়া, জাপান, আমেৰিকা, কানাডা, ইকুৱেডৰ, পেৰু, মেক্সিকো, নিউজিলেণ্ড, চীন, ফিলিপাইনছ, টাইৱান, ইণ্ডোনেছিয়া দেশত।
কেউখন দেশৰে উপকুল অঞ্চলৰ পৰা খালী কৰা হৈছে জনবসতি। সকলো লোককে সুৰক্ষিত ভাৱে আঁতৰাই ৰখা হৈছে ছুনামী হোৱা ঠাই সমূহৰ পৰা।
লগতে বৰ্তমানে সামাজিক মাধ্যমতো ভাইৰেল হবলৈ ধৰিছে জাপানীছ বাব ভাংগাৰ কথা। যি পুনৰ এবাৰ সঁচা বুলি প্ৰমাণিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















